ETV Bharat / bharat

Suspected Monkeypox in Kerala: কেৰালাত মাঙ্কিপক্সত আক্ৰান্তৰ সন্দেহ

author img

By

Published : Jul 14, 2022, 1:30 PM IST

দেশজুৰি কোভিডৰ আতংক বিয়পি থকাৰ মাজতে এতিয় মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱ । এইবাৰ কেৰালাত মাঙ্কিপক্স ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে (Monkeypox disease found in Kerala)। UAE ৰ পৰা উভতি অহা লোক এজনৰ শৰীৰত ফুটি উঠিছে মাঙ্কিপক্সৰ লক্ষণ ।

y
Suspected Monkeypox in Kerala:কেৰালাত মাঙ্কিপক্সত আক্ৰান্তৰ সন্দেহ

নেচনেল ডেস্ক, ১৪ জুলাই: দেশজুৰি কোভিডৰ আতংক বিয়পি থকাৰ মাজতে এতিয় মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱ । এইবাৰ কেৰালাত মাঙ্কিপক্স ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে (Monkeypox disease found in Kerala)। UAE ৰ পৰা উভতি অহা লোক এজনৰ শৰীৰত মাঙ্কিপক্সৰ লক্ষণ ফুটি উঠিছে । অৱশ্য়ে পৰীক্ষাৰ ফলাফল অহাৰ পিছতহে ৰোগৰ বিষয়ে নিশ্চিত কৰিব পৰা যাব বুলি উল্লেখ কৰিছে ৰাজ্য়খনৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে (Kerala Health Minister Veena George)। তেওঁ সদৰি কৰা মতে ,পুনে ভাইৰোলজি ইনষ্টিটিউটলৈ ইয়াৰ নমুনা ইতিমধ্য়ে প্ৰেৰণ কৰা হৈছে । এই পৰীক্ষাৰ ফলাফল সন্ধিয়ালৈ পোৱাৰ সম্ভাৱনা আছে । ৰোগৰ লক্ষণ ফুটি উঠাৰ পাছতে লোকজনক পৃথকভাৱে ৰখা হৈছে ।

আনহাতে, যিসকল লোক প্ৰাথমিকভাৱে তেওঁৰ সৈতে সম্পৰ্কত আছিল তেওঁলোককো বৰ্তমান পৰ্যবেক্ষণত ৰখা হৈছে বুলি জানিব পৰা গৈছে । উল্লেখ্য় যে প্ৰাথমিক সম্পৰ্কলৈ অহা লোকলৈকো ৰোগটো বিয়পাৰ আশংকা আছে । অৱশ্য়ে এইক্ষেত্ৰত আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় ।

উল্লেখ্য় যে ২০০৩ চনৰ বসন্তকালত মাঙ্কিপক্সৰ প্ৰথম প্ৰাদুৰ্ভাৱ আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল । ঘানাৰ পৰা সংক্ৰমিত জন্তুৰ মাজৰ এটাক টেক্সাছলৈ আমদানি কৰা হৈছিল । সংক্ৰমিত নিগনিবোৰে পোহনীয়া কুকুৰলৈ ভাইৰাছবিধ বিয়পাইছিল । তথ্য় অনুসৰি ইয়াৰ পিছতেই মধ্য পশ্চিমৰ 47 গৰাকী লোক এই ভাইৰাচৰ দ্বাৰা সংক্ৰমিত হৈছিল । মাঙ্কিপক্স হ'লে সংস্পৰ্শলৈ অহাৰ পিছত জ্বৰ, ঠাণ্ডা, মুৰৰ বিষ, পেশীৰ বিষ, ভাগৰ লগা আদি লক্ষণ ফুটি উঠে ।

লগতে পঢ়ক:etv comment image Thumbnail image HIV patients increasing in Tripura: ত্ৰিপুৰাৰ নিচামুক্তি কেন্দ্ৰত HIV ৰোগীৰ সংখ্যা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.