ETV Bharat / state

Hem Chandra Baruah Birth Anniversary : ওপজা দিনত হেমচন্দ্ৰ বৰুৱাক সোঁৱৰণ শিৱসাগৰত

author img

By

Published : Dec 10, 2022, 7:00 PM IST

Sivasagar
Sivasagar

আজি অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ওপজা দিন । ১৮৩৫ খ্ৰীষ্টাব্দৰ ১০ ডিচেম্বৰত শিৱসাগৰ জিলাৰ ৰজাবাহৰ গাঁৱত মুক্তাৰাম বৰুৱাৰ ঔৰসত জন্মগ্ৰহণ কৰা বৰেণ্য অসমীয়াগৰাকীক ওপজা দিনটোত সুঁৱৰিছে ৰাজ্যবাসীয়ে (Hemchandra Baruah birth anniversary) ।

শিৱসাগৰত হেমচন্দ্ৰ বৰুৱাক জন্মদিনত সোঁৱৰণ

শিৱসাগৰ, ১০ ডিচেম্বৰ : আজি অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৭ সংখ্যক ওপজা দিন (Oja of Assamese language Hemchandra Barua) । ১৮৩৫ খ্ৰীষ্টাব্দৰ ১০ ডিচেম্বৰত শিৱসাগৰ জিলাৰ ৰজাবাহৰ গাঁৱত মুক্তাৰাম বৰুৱাৰ ঔৰসত জন্মগ্ৰহণ কৰা বৰেণ্য অসমীয়াগৰাকীক ওপজা দিনটোত সুঁৱৰিছে ৰাজ্যবাসীয়ে (Hemchandra Baruah birth anniversary) ।

অসমীয়া সাহিত্যৰ পথাৰ চহাই সাহিত্যৰ পথাৰত সৃষ্টিৰ বীজ সিঁচি অসমীয়া সাহিত্যৰ ভেটি গঢ়া বৰেণ্য অসমীয়াগৰাকীৰ এই ওপজা দিন উদযাপন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত (Hemchandra Baruah birth anniversary in Assam) । অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক, ‘অসমীয়া ভাষাৰ ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা হৈছে হেমকোষ অভিধানৰ প্ৰণেতা (Hemkosh Assamese Dictionary) । তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত হেমকোষ প্ৰকাশিত হয় ।

উল্লেখ্য, হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত । নানান প্ৰতিকূল পৰিস্থিতিকো প্ৰত্যাহ্বান জনাই তেখেতে সংস্কৃত, হিন্দী আৰু ইংৰাজী ভাষাৰ জ্ঞান আহৰণ কৰিছিল । এইবোৰৰ উপৰি তেখেতে অসমত মিছনেৰীসকলৰ দ্বাৰা প্ৰকাশিত অৰুণোদ‍ই সংবাদ-পত্ৰৰ লগতো জড়িত হৈ আছিল (Arunodoi paper of christian missionary) । ১৮৯৭ চনত তেখেতৰ মৃত্যু হয় ।

সমগ্ৰ ৰাজ্যৰ লগতে আজি হেমচন্দ্ৰ বৰুৱাৰ ওপজা জিলা শিৱসাগৰতো ভাষাৰ ওজাগৰাকীৰ জন্ম দিৱস উদযাপন কৰা হয় (Hemchandra Baruah birth anniversary in Sivasagar) । এই উপলক্ষে আজি এই পবিত্ৰ দিনটোত ইলোৰা বিজ্ঞান মঞ্চ, বাতৰিকাকত হকাৰ সন্থা আৰু হেমচন্দ্ৰ বৰুৱা পথৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে হেমচন্দ্ৰ বৰুৱাৰ ওপজা দিনৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । পুৱা হেমচন্দ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয় ।

তাৰ পাছতে মুকলিসভা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয় । তাৰ সমান্তৰালভাৱে সমাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সজাগতা শীৰ্ষক এক আলোচনা-চক্ৰও অনুষ্ঠিত কৰা হয় । উক্ত আলোচনা-চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগ মুৰব্বী অধ্যাপক ড৹ চন্দন কুমাৰ শৰ্মা, বিশিষ্ট কবি প্ৰেম গগৈকে ধৰি বিভিন্ন গণ্য-মান্য ব্যক্তি ।

লগতে পঢ়ক :Assam Movement Martyrs Day : অসম আন্দোলনৰ আঘাতপ্ৰাপ্তলৈ ২ লাখকৈ আৰ্থিক অনুদান প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.