ETV Bharat / state

Massive Erosion at Amguri: আমগুৰিত নামতি নদীয়ে লৈছে ভয়কৰ ৰূপ, হাহাকাৰ ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 11:12 AM IST

আমগুৰিৰ নামতিত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ নামতি নদীৰ খহনীয়াই টোপনী কাঢ়িছে ৰাইজৰ ৷

Massive Erosion at Amguri
আমগুৰিত নামতি নদীয়ে লৈছে ভয়কৰ ৰূপ

আমগুৰিত নামতি নদীয়ে লৈছে ভয়কৰ ৰূপ

আমগুৰি, 3 অক্টোবৰ : আমগুৰিত নামতি নদীৰ ব্যাপক গৰাখহনীয়া ৷ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ ফলত হাহাকাৰ নৈপৰীয়া ৰাইজ ৷ উল্লেখ্য যে, শিৱসাগৰ জিলা জলসম্পদ বিভাগৰ অধীনস্থ আমগুৰিৰ নামতি নদীত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হোৱাত স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কিয়নো দিকচু মাউৎ গাঁৱৰ সমীপৰ বহু কৃষিভূমি ইতিমধ্যে নৈ বুকুত জাহ গৈছে ৷ লগতে দিকচু মাউৎ গাঁৱৰ 300 পৰিয়াললৈ আহিছে ভাবুকি ৷ নামতি নদীৰ বুকুত যিকোনো মুহূতৰ্তে জাহ যোৱাৰ উপক্ৰম হৈছে মথাউৰি ৷ যদিহে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গাঁওখন নৈ বুকুত জাহ যাব বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে 20214-15 চনতে সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা আমগুৰি সমষ্টিৰ বিধায়ক অঞ্জন দত্তই দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা শিতানৰ দ্বাৰা নামতি নদীৰ দুয়ো পাৰৰ মথাউৰি বান্ধি বান প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল । পৰৱৰ্তী সময়ত নামতি নদীৰ মথাউৰি মেৰামতিৰ অভাৱত বিভিন্ন অংশত গৰা খহিবলৈ আৰম্ভ কৰিছে । এই অভিযোগ ৰাইজৰ ৷

শিৱসাগৰ জিলা জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে মথাউৰিটো মেৰামতিৰ ব্যৱস্থা নকৰাত স্থানীয় লোকসকল চিন্তিত হৈ পৰিছে । কাৰণ বিভাগটোৰ কৰ্মচাৰীয়ে মথাউৰিটো বহু সময়ত পৰিদৰ্শন কৰে যদিও মেৰামতিৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে । সেয়ে স্থানীয় লোকসকলে নামতি নদীৰ মথাউৰি শীঘ্ৰে মেৰামতি কৰিবলৈ আহ্বান জনাইছে ।

‘‘মথাউৰিটো যদি ভাগি যায় তেতিয়া হ’লে বানত ডুব যাব গাঁওসমূহ ৷ খৰালিকালত দিনে নিশাই অসাধু চক্ৰই বালি খননৰ বাবে ডাম্পাৰ লৈ আহে ৷ ফলত মথাউৰিটোলৈ অধিক ভাবুকি হৈ পৰিছে ৷ এই ক্ষেত্ৰত জিলা প্ৰশাসন বা বন বিভাগ নিৰৱ হৈ থাকে ৷’’ এই মন্তব্য স্থানীয় ৰাইজৰ ৷

লগতে পঢ়ক:Swachh Bharat Abhiyan in Sivasagar : শিৱসাগৰত এক দিন এক ঘণ্টা একেলগে স্বচ্ছতা অভিযান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.