ETV Bharat / state

কৰ'নাৰ গইনা লৈ ভগৱান হ’বলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মা : ধৈৰ্য্য কোঁৱৰ

author img

By

Published : Aug 22, 2020, 4:55 AM IST

শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰৰ সংবাদ মেল
শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰৰ সংবাদ মেল

শিৱসাগৰত কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰ ৷ উজনি অসম মুছলিম কল্যান পৰিষদে আদৰণি জনায় কৃষক মুক্তিৰ নেতাগৰাকীক ৷ সংবাদমেলত মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা ধৈৰ্য্য কোঁৱৰৰ ৷

শিৱসাগৰ, 21 আগষ্ট : কাৰাগাৰৰ পৰা ওলাই পুনৰ কৃষক মুক্তিৰ সাংগঠনিক ভেটি সবল কৰাত নামি পৰিছে সংগঠনটোৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ ৷ ইতিমধ্যে উজনি অসমৰ গোলাঘাট আৰু যোৰহাটৰ পাচত শুকুৰবাৰে শিৱসাগৰত উপস্থিত হৈ এক স‌ংবাদমেল সম্বোধন কৰে কৃষক নেতা ধৈৰ্য কোঁৱৰে । সংবাদ মেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কৃষক নেতাগৰাকী ৷

"কা" আন্দোলনক পুনৰ তীব্ৰতৰ কৰাৰ হুংকাৰ দি ধৈৰ্য কোঁৱৰে কয় যে বিজেপি চৰকাৰে অন্যায় ভাৱে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে । ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ’ব ৷ ইয়াৰ লগতে তেওঁ কয় যে, জনগণে অপশাসনৰ পৰা মুক্তি বিচাৰিছে । বিজেপিক প্ৰতিহত কৰিবলৈ এক ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক শক্তিৰ পোষকতা কৃষক মুক্তিৰ যুটীয়া সম্পাদক গৰাকীৰ ।

শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰৰ সংবাদ মেল

অখিল গগৈৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা-নোহোৱা সন্দৰ্ভত ৰাইজৰ দাবী আৰু আহ্বানক চিন্তা কৰা হ’ব বুলিও মন্তব্য নেতাগৰাকীৰ । আনহাতে শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ দৰে ব্যক্তি সাম্প্ৰাদায়িক দল বিজেপিৰ গৰ্ভত জন্ম হৈছে আৰু আইনে এওঁলোকক ঢুকি নাপায় বুলি মন্তব্য কৃষক নেতাজনৰ । আইনী যুঁজৰ বাবে মানুহে যি ধৰণে মৰম কৰিছ, ইয়াৰ পৰা অখিল গগৈ অসমৰ বাবে যে প্ৰাসংগিক এজন ব্যক্তি সেয়া প্ৰমান হয় বুলি উল্লেখ কৰে ধৈৰ্য কোঁৱৰে ৷

ৰাজ্যত কৰ'নাৰ নামত চিণ্ডিকেট চলিছে বুলি অভিযোগ তোলে নেতাগৰাকীয়ে । চৰকাৰ আৰু সাধাৰণ মানুহৰ মাজত চৰকাৰী নীতি-নিৰ্দেশনা পৃথক পৃথক বুলি অভিযোগ কৃষক নেতাজনৰ । আনহাতে কৰ'নাৰ গইনা লৈ হিমন্ত বিশ্ব শৰ্মাই ভগৱান হ’বলৈ চেষ্টা কৰিছে, শৰ্মাৰ ভাষণ আৰু কৰ্মৰ মাজত পাৰ্থক্য আছে বুলি কয় কৃষক নেতাজনে ৷

লগতে পঢ়ক : ফেচবুকত ভাইৰেল ভিডিঅ’ই তোলপাৰ লগাইছে শিলচৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.