ETV Bharat / state

ফেচবুকত ভাইৰেল ভিডিঅ’ই তোলপাৰ লগাইছে শিলচৰত

author img

By

Published : Aug 21, 2020, 6:35 PM IST

শিলচৰত বিগত কিছুদিন পূৰ্বে ফেচবুকযোগে এগৰাকী কিশোৰৰ এটি ভিডিঅ’ ভাইৰেল হৈছিল ৷ উক্ত ভিডিঅ’টোত কিশোৰগৰাকীয়ে নিজকে ৰতন উদ্দিন লস্কৰৰ পুত্ৰ ৰাজু উদ্দিন লস্কৰ বুলি চিনাকী দিছিল ৷ কিশোৰগৰাকীয়ে এগৰাকী সংগীৰ সৈতে নাবালিকা,যুৱতী আদিক অপহৰণ কৰি হত্যা কৰাৰ বিষয়ে উল্লেখ আছিল ভিডিঅ’টোত ৷ হত্যাৰ পিছত প্ৰাণ হেৰুওৱা লোকৰ শৰীৰৰ অংগ কাটি বিক্ৰী কৰাৰ দৰে জঘন্য ব্যৱসায়ত কিশোৰগৰাকী লিপ্ত বুলি নিজ মুখে স্বীকাৰ কৰে উক্ত বিতৰ্কিত ভিডিঅ’টোত ৷ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে চাঞ্চল্য় সৃষ্টি হৈছিল চহৰখনত ৷

The viral video on Facebook has caused a stir in Silchar assam etv bharat news
ফেচবুকত ভাইৰেল ভিডিঅ’ই তোলপাৰ লগাইছে শিলচৰত

শিলচৰ,21 আগষ্ট: বিগত কিছুদিন পূৰ্বে এটি 13 বছৰীয়া কিশোৰৰ ভিডিঅ’ ভাইৰেল হৈছিল সামাজিক মাধ্যম ফেচবুকত ৷ তাৰ পিছতে কাছাৰৰ শিলচৰত হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ বাতাবৰণ অক্ষুণ্ণ ৰাখিবলৈ আগবাঢ়ি আহে দুয়োটা ধৰ্মৰ কেইগৰাকীমান যুৱক ৷ যুৱকৰ দলটোৱে কিশোৰগৰাকীৰ বাসগৃহত উপস্থিত হৈ বিষয়টো সন্দৰ্ভে আলোকপাত কৰে । পৰৱৰ্তী সময়ত পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷

অশান্তি বিয়পোৱাৰ চেষ্টা একাংশৰ

উল্লেখ্য যে,বিগত কিছুদিনপূৰ্বে ফেচবুকযোগে এগৰাকী কিশোৰৰ এটি ভিডিঅ’ ভাইৰেল হৈছিল ৷ উক্ত ভিডিঅ’টোত কিশোৰগৰাকীয়ে নিজকে ৰতন উদ্দিন লস্কৰৰ পুত্ৰ ৰাজু উদ্দিন লস্কৰ বুলি চিনাকী দিছিল ৷ কিশোৰগৰাকীয়ে এগৰাকী সংগীৰ সৈতে নাবালিকা,যুৱতী আদিক অপহৰণ কৰি হত্যা কৰাৰ বিষয়ে উল্লেখ আছিল ভিডিঅ’টোত ৷ হত্যাৰ পিছত প্ৰাণ হেৰুওৱা লোকৰ শৰীৰৰ অংগ কাটি বিক্ৰী কৰাৰ দৰে জঘন্য ব্যৱসায়ত কিশোৰগৰাকী লিপ্ত বুলি নিজ মুখে স্বীকাৰ কৰে উক্ত বিতৰ্কিত ভিডিঅ’টোত ৷ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে চাঞ্চল্য় সৃষ্টি হৈছিল চহৰখনত ৷ শিলচৰৰ চামৰা গুদাম এলেকাৰ বাসিন্দা কিশোৰগৰাকী এই কামত লিপ্ত বুলি জানিব পাৰি কেইগৰাকীমান যুৱকে কাষ চাপে ৰাজু নামৰ কিশোৰগৰাকীৰ ৷

ফেচবুকত ভাইৰেল ভিডিঅ’ই তোলপাৰ লগাইছে শিলচৰত

কিন্তু বাস্তৱ ঘটনা আছিল অন্যহে ৷ চহৰখনৰ একাংশ যুৱকে হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ বান্ধ ভাঙি অশান্তি বিয়পাবলৈ কিশোৰগৰাকীক ব্যৱহাৰ কৰাৰ কথা ৰাজুৱে জানিবলৈ দিয়ে ৷ কিয়নো কিশোৰগৰাকীৰ প্ৰকৃত নাম হৈছে ৰাজু উদ্দিন লস্কৰৰ পৰিৱৰ্তে ৰাজু সিনহা ৷ কিশোৰগৰাকীয়ে যুৱক কেইগৰাকীৰ প্ৰৰোচনাত পৰি নিজৰ নাম-পৰিচয় সলনি কৰিবলৈ বাধ্য হৈছিল বুলি জানিবলৈ দিয়ে ৷ বিশেষকৈ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি অশান্তি বিয়পাবলৈকে যুৱক কেইগৰাকীয়ে কিশোৰগৰাকীক ব্যৱহাৰ কৰি বুলি জানিব পৰা গৈছে ৷ কিন্তু যুৱকৰ দলটোৰ পৰিচয় সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই কিশোৰগৰাকীয়ে ৷

লগতে চাওকঃ বিশ্বনাথত প্ৰাণ হেৰুৱালে পাঁচমহীয়া পোৱালী হাতীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.