ETV Bharat / state

DGP GP Singh: শিৱসাগৰত আৰক্ষী সঞ্চালক প্ৰধানৰ আইন-শৃংখলা পৰ্যালোচনা বৈঠক

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 4:03 PM IST

DGP GP Singh
DGP GP Singh

শিৱসাগৰত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং উপস্থিত হৈ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ AFSPA সন্দৰ্ভতো DGPৰ মন্তব্য ৷ শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে লোৱা পদক্ষেপক আদৰণি জি পি সিঙৰ ৷

শিৱসাগৰত আৰক্ষী সঞ্চালক প্ৰধানৰ আইন-শৃংখলা পৰ্যালোচনা

শিৱসাগৰ, 13 ছেপ্টেম্বৰ: শিৱসাগৰত আৰক্ষী সঞ্চালক প্ৰধান ৷ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বুধবাৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকত ৷

বিগত ছয় মাহত শিৱসাগৰ আৰক্ষীয়ে আইন-শৃংখলা ৰক্ষাৰ বাবে লোৱা পদক্ষেপৰ প্ৰতি সন্তোষ প্ৰকাশ জি পি সিঙৰ ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰ বাবে আবেদন জনোৱা হৈছে ৷ যদি চৰকাৰৰ ফালৰ পৰা অনুমোদন হয় তেন্তে 1 অক্টোবৰৰ পৰা অসম আৰক্ষী আৰু চি আৰ পি এফ লগলাগি চলি থকা অভিযানসমূহ আগবঢ়াই নিবলৈ সাজু ।

এশ শতাংশই প্ৰস্তুতি সম্পূৰ্ণ বুলি মন্তব্য DGP জি পি সিঙৰ । ৰাজ্যখনৰ বিভিন্ন সীমান্তত ড্ৰাগছৰ সৰবৰাহ চলি থকা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি জি পি সিঙে কয় যে ড্ৰাগছৰ ক্ষেত্ৰত নিৰীক্ষণ কৰি থকা হৈছে । ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিখন জিলাতে পূৰ্বতকৈ বহু বেছি অভিযান চলি থকাৰ কথা বুলি তেওঁ মন্তব্য কৰে ৷

ৰাজ্যত অপৰাধৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস হৈ অহা বুলিও তেওঁ মন্তব্য কৰে । তেওঁ কয় যে অসমৰ 72 হেজাৰ আৰক্ষীয়ে নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ এয়া ফল ৷ শুভলক্ষ্মী দত্তৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ জি পি সিঙৰ । শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হ'ব । শুভলক্ষ্মীক আৰক্ষীয়ে পলায়ন কৰিবলৈ সুযোগ দিয়া নাছিল বুলিও তেওঁ মন্তব্য কৰে ৷

তেওঁ কয় যে নিশাই এগৰাকী মহিলাক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত অসুবিধা আছে । আদালতৰ কিছুমান নিৰ্দেশনা মানি চলিবলগীয়া হয় । শুভলক্ষ্মী দত্তক জেললৈ প্ৰেৰণ কৰা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে লোৱা ভূমিকাক শলাগ লয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ ইফালে বজালীকাণ্ড সন্দৰ্ভত মতামত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷

লগতে পঢ়ক: GP singh visits Dhemaji: আমি কেন্দ্ৰক অসমৰ পৰা AFSPA প্ৰত্যাহাৰৰ অনুৰোধ জনাইছো- জি পি সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.