ETV Bharat / state

জাঁজীত মৃতদেহ উদ্ধাৰ

author img

By

Published : Feb 9, 2021, 7:37 PM IST

জাঁজীত মৃতদেহ উদ্ধাৰ
জাঁজীত মৃতদেহ উদ্ধাৰ

শিৱসাগৰৰ জাঁজীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা পুখুৰীত মৃতদেহ উদ্ধাৰ । মৃত লোকজনৰ নাম ঈশ্বৰ কটকী । দুৰ্বৃত্তই হত্যা কৰি পুখুৰীটোত পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ।

শিৱসাগৰ,৯ ফেব্ৰুৱাৰী: শিৱসাগৰত ৰহস্যজনকভাৱে উদ্ধাৰ হ'ল এটা মৃতদেহ । জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা পুখুৰীত মৃতদেহটো উদ্ধাৰ হয় । মৃত লোকজন ঈশ্বৰ কটকী বুলি জানিব পৰা গৈছে । প্ৰায় গেলি যোৱা মৃতদেহটো গৌৰীসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে । উদ্ধাৰৰ সময়ত ঈশ্বৰ কটকীৰ দেহত আছিল নীলা ৰঙৰ জিনছ আৰু নীলা ৰঙৰ ছাৰ্ট ।

কোনো দুৰ্বৃত্তই ঈশ্বৰ কটকীক হত্যা কৰি পুখুৰীটোত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে গৌৰীসাগৰ আৰক্ষীয়ে । আনহাতে, এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পুখুৰীত ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ।

লগতে পঢ়ক: মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.