ETV Bharat / state

প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়নত হেমাহি

author img

By

Published : Jun 29, 2021, 11:40 AM IST

খৰালি কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে জলসিঞ্চন বিভাগে আমগুৰিত প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়ন কৰিছিল যদিও আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ সমষ্টিটোত চ'লাৰ প্ৰজেক্ট (solar project) আৰু ইলেক্ট্ৰীকেল প্ৰজেক্ট (Electrical project) ৰূপায়ণৰ বাবে বৃহৎ পুঁজি আবন্টন দিয়া হৈছিল ৷ কিন্তু মাত্ৰ 30% কাম কৰিয়ে ঠিকাদাৰে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

Corruption in Scheme implementation at amguri
প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়নত হেমাহি

আমগুৰি, 29 জুন : আমগুৰিত প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ খৰালি কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে জলসিঞ্চন বিভাগে ৰূপায়ণ কৰা আঁচনিত বিভাগীয় ঠিকাদাৰে কৰা চূড়ান্ত হেমাহিৰ ফলতে আঁচনিখন অসম্পূৰ্ণ হৈ ৰোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ আমগুৰি সমষ্টিত চ'লাৰ প্ৰজেক্ট (solar project) চল্লিশটা আৰু ইলেক্ট্ৰীকেল প্ৰজেক্ট (Electrical project) পঞ্চল্লিশটা ৰূপায়ণৰ বাবে বৃহৎ পুঁজি আবন্টন দিয়া হৈছিল ৷ কিন্তু মাত্ৰ 30% কাম কৰিয়ে ঠিকাদাৰে দায়িত্ব সামৰাৰ দৰে বিভিন্ন অভিযোগ উত্থাপন হৈছে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

উল্লেখ্য যে, প্ৰতিটো চ'লাৰ প্ৰজেক্ট (solar project)ত 6 লাখ 6 হাজাৰ আৰু প্ৰতিটো ইলেক্ট্ৰীকেল প্ৰজেক্ট (Electrical project)ত 5 লাখ 27 হাজাৰ টকাকৈ আবন্টন হৈছিল । কিন্তু গুৱাহাটীৰ এম এছ এনভেৰিমেন্ট টেকন' নামৰ এক ঠিকাদাৰ প্ৰতিষ্ঠানে এই আঁচনি ৰূপায়ণৰ বাবে দায়িত্ব লৈছিল যদিও সম্প্ৰতি 30% শতাংশ কাম কৰিয়েই দায়িত্ব সামৰিলে । ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে কৃষকৰ কৃষি ভূমিত পকী খুটা পুতিয়েই দায়িত্ব সামৰাত সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ কৃষকসকলে ।

প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা আঁচনি ৰূপায়নত হেমাহি

ইফালে, কৃষকক সকাহ দিয়াৰ বাবে ৰূপায়ন কৰা আঁচনিয়ে এতিয়া কৃষকক সমস্যাত পেলোৱা বুলিহে মন্তব্য কৰিছে স্থানীয় লোকসকলে ৷ বিশেষকৈ খৰাং পৰিস্থিতিত কৃষকক সকাহ দিবৰ কাৰণে ৰূপায়ণ কৰা আঁচনিখনৰ পৰা কৃষকসকল উপকৃত হোৱা নাই ৷ বছৰ বছৰ ধৰি পৰি ৰোৱা এই ব্যয়বহুল আঁচনিখনৰ উচিত ব্যৱস্থা গ্ৰহণৰ বাবে জলসিঞ্চন বিভাগক দাবী জনাইছে কৃষক সকলে ৷

আনহাতে, মাজুলীৰ জেংৰাইমুখ চিমিৰ গঢ়াত খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে ৰূপায়ণ কৰা জিঅ’ বেগ আঁচনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কোটি টকীয়া জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ নামত ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ যাৰ বাবে নিৰ্মীয়মান অৱস্থাতে খেৰকটীয়া নৈ (Kherkatiya River)ৰ বুকুত জাহ গৈছে শ শ জিঅ’ বেগ (Geo Bags) ৷

মাজুলীৰ বিভিন্ন স্থানত গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বিগত সময়ছোৱাত জিলাখনত শ শ বিঘা ভূমিৰ লগতে বহু লোকৰ ঘৰ-বাৰী আৰু কৃষিভূমি নদীৰ বুকুত জাহ গৈছে ৷ মাজুলীৰ জেংৰাইমুখবাসী ৰাইজৰ প্ৰৱল দাবীত ৰাজ্যৰ জলসম্পদ বিভাগে (Water Resources Department) 2019-20 বিত্তীয় বৰ্ষত চিমিৰ গঢ়াত খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ নামত পুঁজিৰ আৱন্টন দিছিল ৷

লগতে পঢ়ক: মাজুলীত জিঅ’ বেগ সংস্থাপন প্ৰকল্পৰ কামত অনিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.