ETV Bharat / state

খেতি কৰি নোপোৱা মুখ্যমন্ত্ৰীয়ে গৰুৰ মূল্য কি বুজিব : অখিল গগৈ

author img

By

Published : Jul 28, 2021, 2:24 PM IST

chief-minister-himanta-biswa-sarma-again-slammed-by-akhil-gogoi
খেতি কৰি নোপোৱা মুখ্যমন্ত্ৰীয়ে গৰুৰ মূল্য কি বুজিব : অখিল গগৈ

ৰাজ্যিক শোকৰ মাজতে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ভূঁইৰোৱা কাৰ্যসূচী ৷ এই কাৰ্যসূচীত বিধায়ক গৰাকীয়ে পুনৰ তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷

শিৱসাগৰ, 28 জুলাই : গো-সংৰক্ষণ আইন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক সকীয়নি অখিল গগৈৰ ৷ আৰএছএছ আৰু বিজেপিৰ শীৰ্ষ নেতাক সন্তুষ্ট কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে আইন আনিছে বুলি অভিযোগ কৰে অখিল গগৈয়ে ৷ মুখ্য়মন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয়, 'খেতি কৰি নোপোৱা এইজন মুখ্যমন্ত্ৰীয়ে গৰুৰ মূল্য কি বুজিব' । গৰুত হাত নিদিবলৈ সকিয়াই দি গগৈয়ে কয়, এনে আইন প্ৰৱৰ্তনৰ পৰা বিৰত থাকক অন্যথা ৰাইজে ৰেহাই নিদিব ।

বুধবাৰে পুৱাই নিমাইজান গাঁৱত এক ভূঁই ৰোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । কাৰাগাৰত থকাৰ সময়তে শিৱসাগৰৰ নিমাইজান গাঁৱৰ ৰাইজক ভূঁই ৰোৱা কাৰ্যসূচীত অংশ লোৱাৰ কথা দিছিল বিধায়কগৰাকীয়ে । সেয়ে মিজো কাণ্ডৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক শোক চলি থকাৰ মাজতেই এই কাৰ্যসূচীত অংশ লয় বিধায়ক গৰাকীয়ে ।

খেতি কৰি নোপোৱা মুখ্যমন্ত্ৰীয়ে গৰুৰ মূল্য কি বুজিব : অখিল গগৈ

ৰাইজৰ সৈতে বিহু মাৰি ভূঁই ৰুই কলগছৰ দোৰলাত জলপান গ্ৰহণ কৰে বিধায়ক গৰাকীয়ে । তেওঁ লগতে ৰাইজক খেতি নেৰিবলৈ আহবান জনায় ৷ লগতে শিৱসাগৰ সমষ্টিত বছৰে একাধিক খেতি কৰিবৰ বাবে পথাৰ সমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰাত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক : মিজোৰাম সীমান্তত শ্বহীদ নাজমূল হকৰ বাসগৃহত শোকাকুল পৰিৱেশ

ইপিনে মিজোৰ গুলীত নিহত অসম আৰক্ষীৰ জোৱানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰভাৱে সমালোচনা কৰে ৷ বৰ্তমান বিজেপি চৰকাৰখন সাংঘাতিকভাৱে বিফল হোৱা বুলি সমালোচনা কৰে অখিল গগৈয়ে ৷ " পুলিচক ইমান দিনে কেৱল চোৰ ডকাইত বিলাকক গুলিওৱাৰ কামতহে ব্যৱহাৰ কৰিছে । এতিয়া কিন্তু আমাৰ অসম পুলিচক ঘৰতে আহি মাৰিব পৰা হৈ গ'ল সৰু এখন ৰাজ্যই।" বুলি মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক:চোৰ-ডকাইত গুলিওৱাতহে অসম আৰক্ষীক ব্যৱহাৰ কৰিছে চৰকাৰে : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.