ETV Bharat / state

Deori Autonomous Council election: বিভিন্ন দলৰ প্ৰাৰ্থীয়ে আজি দাখিল কৰিলে মনোনয়ন

author img

By

Published : Oct 19, 2022, 6:10 PM IST

আজি প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিমটো দিনত শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত পৰিষদৰ ৬ নং কটীয়ৰী সমষ্টি, ৫ নং টেঙাপানী আৰু ৰজাবাৰী সমষ্টিৰ বাবে অগপ বিজেপি মিত্ৰজোঁট, কংগ্ৰেছ, ৰাইজৰ দলৰ প্ৰাৰ্থীসকলে দাখিল কৰে মনোনয়ন পত্ৰ (Candidates filed their nominations for DAC election) ।

Candidates filed their nominations for DAC election
বিভিন্ন দলৰ প্ৰাৰ্থীয়ে আজি দাখিল কৰিলে মনোনয়ন

শিৱসাগৰ, 19 অক্টোবৰ: দেউৰী স্বায়ত্ব শাসিত নিৰ্বাচনৰ বাবে সাজু ৰ‍াজনৈতিক দলসমূহ (Deuri Autonomous Council election) । অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে এই সন্দৰ্ভত জাৰি কৰিছে অধিসূচনা । অধিসূচনা অনুসৰি মনোনয়নপত্ৰ দাখিলৰ অন্তিম তাৰিখ আছিল ১৯ অক্টোবৰ অৰ্থাৎ আজি ।

আনহাতে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব ২০ অক্টোবৰত আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হ’ল ২৫ অক্টোবৰ । সেইদিনাই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা হ'ব । ইফালে ৮ নৱেম্বৰত ভোটগ্ৰহণৰ পিছত ভোটগণনা কৰা হ'ব ১০ নৱেম্বৰত ।

বিভিন্ন দলৰ প্ৰাৰ্থীয়ে আজি দাখিল কৰিলে মনোনয়ন

উল্লেখ যে পূৰ্বৰ ২০ টা সমষ্টিৰ পৰিৱৰ্তে দেউৰী পৰিষদৰ সমষ্টিৰ সংখ্যা ইতিমধ্যে ২২ টালৈ বৃদ্ধি কৰা হৈছে । ইয়াৰে তিনিটা সমষ্টি ক্ৰমে পিছলা, বাঁহগড়া আৰু শ্ৰীপানী সংৰক্ষিত আছে মহিলা জনজাতি প্ৰাৰ্থীৰ বাবে । অজনজাতি তথা সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে থকা একমাত্ৰ সমষ্টিটো হ’ল ডিব্ৰুগড় ।

অন্যান্য সমষ্টিকেইটা হৈছে - শদিয়া, কুণ্ডিল, মাৰ্ঘেৰিটা, টেঙাপানী, কটিয়ৰী, ৰাজাবাৰী, যোৰহাট, মাজুলী, চিচিবৰগাঁও, জোনাই, বৰদলনি, গোগামুখ, বৰদেউৰী, কাচিকটা, কিনাপথাৰ, বঙালমৰা, গাভৰু টুনীজান আৰু গহপুৰ ।

উল্লেখ যে যোৰহাট জিলা, মাজুলী জিলা, ডিব্ৰুগড় জিলা, নগাঁও জিলা, তিনিচুকীয়া জিলা, ধেমাজি জিলা, শোণিতপুৰ জিলা আৰু লখিমপুৰ জিলাৰ কিছু কিছু অংশৰে দেউৰী স্বায়ত্ত শাসিত পৰিষদ গঠিত । এই অঞ্চলত বাস কৰা দেউৰী জনগোষ্ঠীৰ লোকৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগৰ অন্তত এই পৰিষদ গঠন কৰা হৈছিল । ২০১৬ চনৰ নিৰ্বাচনত বিজেপি মিত্ৰদলে বিজয় সাব্যস্ত কৰি দেউৰী স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিছিল ।

উল্লেখ্য যে, আজি প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিল কৰা অন্তিমটো দিনত শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত পৰিষদৰ ৬ নং কটীয়ৰী সমষ্টি, ৫ নং টেঙা পানী আৰু ৰজাবাৰী সমষ্টিৰ বাবে অগপ বিজেপি মিত্ৰজোঁট, কংগ্ৰেছ, ৰাইজৰ দলৰ প্ৰাৰ্থীসকলে দাখিল কৰে মনোনয়ন পত্ৰ (Candidates filed their nominations for DAC election) ।

বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে নিজৰ সমৰ্থকসকলৰ লগত আহি মনোনয়ন পত্ৰ দাখিল কৰে ৷ কটিয়ৰি সমষ্টিত ৰাইজৰ দলৰ ধৰ্মেশ্বৰ দেউৰী, বিজেপি দলৰ হৈ হিৰঞ্জীত বীৰেশ্বৰ দেউৰী, কংগ্ৰেছৰ বসন্ত দেউৰী, টেঙাপানী সমষ্টিত অগপ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী ভবেন দেউৰী আৰু ৰজাবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী ভৈৰৱ দেউৰীয়ে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত দলীয় কৰ্মী আৰু সমৰ্থকসকলক লৈ মনোনয়ন পত্ৰ দাখিল কৰে ৷

লগতে পঢ়ক: Deori Autonomous Council election: দেউৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.