ETV Bharat / state

Deori Autonomous Council election: দেউৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী

author img

By

Published : Oct 18, 2022, 6:36 PM IST

৮ নবেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । নিৰ্বাচনক লৈ শাসক বিৰোধী প্ৰতিটো দলৰ মাজত দেখা গৈছে প্ৰস্তুতি ৷ ইয়াৰ মাজতে 22টা সমষ্টিৰ বিপৰীতে বিজেপিয়ে প্ৰকাশ কৰিলে ১৭ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা । চাৰিটা সমষ্টি এৰি দিলে মিত্ৰদল অগপক । কংগ্ৰেছেও ইতিমধ্যে প্ৰকাশ কৰিলে ১২ জনীয়া প্ৰথমখন প্ৰাৰ্থী ত‍ালিকা ।

BJP announced list of candidates of DAC election
দেউৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী

গুৱাহাটী,১৮ অক্টোবৰ: দেউৰী স্বায়ত্ব শাসিত নিৰ্বাচনৰ বাবে সাজু ৰ‍াজনৈতিক দলসমূহ (Deuri Autonomous Council election) । অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগে এই সন্দৰ্ভত জাৰি কৰিছে অধিসূচনা । অধিসূচনা অনুসৰি মনোনয়নপত্ৰ দাখিলৰ অন্তিম তাৰিখ হ’ল ১৯ অক্টোবৰ ।

আনহাতে মনোনয়ন পৰীক্ষা কৰা হ’ব ২০ অক্টোবৰত আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হ’ল ২৫ অক্টোবৰ । সেইদিনাই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা প্ৰকাশ কৰা হ'ব । ইফালে ৮ নৱেম্বৰত ভোটগ্ৰহণৰ পিছত ভোটগণনা কৰা হ'ব ১০ নৱেম্বৰত ।

উল্লেখ যে পূৰ্বৰ ২০ টা সমষ্টিৰ পৰিৱৰ্তে দেউৰী পৰিষদৰ সমষ্টিৰ সংখ্যা ইতিমধ্যে ২২টালৈ বৃদ্ধি কৰা হৈছে । ইয়াৰে তিনিটা সমষ্টি ক্ৰমে পিছলা, বাঁহগড়া আৰু শ্ৰীপানী সংৰক্ষিত আছে মহিলা জনজাতি প্ৰাৰ্থীৰ বাবে । অজনজাতি তথা সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে থকা একমাত্ৰ সমষ্টিটো হ’ল ডিব্ৰুগড় ।

BJP announced list of candidates of DAC election
দেউৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী

অন্যান্য সমষ্টিকেইটা হৈছে - শদিয়া, কুণ্ডিল, মাৰ্ঘেৰিটা, টেঙাপানী, কটিয়ৰী, ৰাজাবাৰী, যোৰহাট, মাজুলী, চিচিবৰগাঁও, জোনাই, বৰদলনি, গোগামুখ, বৰদেউৰী, কাচিকটা, কিনাপথাৰ, বঙালমৰা, গাভৰু টুনীজান আৰু গহপুৰ ।

উল্লেখ যে যোৰহাট জিলা, মাজুলী জিলা, ডিব্ৰুগড় জিলা, নগাঁও জিলা, তিনিচুকীয়া জিলা, ধেমাজি জিলা, শোণিতপুৰ জিলা আৰু লখিমপুৰ জিলা কিছু কিছু অংশৰে দেউৰী স্বায়ত্ত শাসিত পৰিষদ গঠিত । এই অঞ্চলত বাস কৰা দেউৰী জনগোষ্ঠীৰ লোকৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগৰ অন্তত এই পৰিষদ গঠন কৰা হৈছিল । ২০১৬ চনৰ নিৰ্বাচনত বিজেপি মিত্ৰদলে বিজয় সাব্যস্ত কৰি দেউৰী স্বায়ত্ত শাসিত পৰিষদ গঠন কৰিছিল ।

পুনৰ পৰিষদ দখল কৰাৰ বাবে বিজেপিয়ে ব্যাপক তৎপৰতা অৱলম্বন কৰাৰ লগতে আজি প্ৰাৰ্থী তালিকা ঘোষণা কৰে । আজি ৰাজ্যিক বিজেপিৰ গুৱাহাটীৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ ২২ টা সমষ্টিৰ ভিতৰত ১৭ ট‍া সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে (BJP announced list of candidates of DAC election)।

সেই অনুসৰি শদিয়াত যতীন দেউৰীক, কুণ্ডিলত জয়ৰ‍াম দেউৰীক, মাৰ্ঘেৰিটাত যোগেন দেউৰীক, ডিব্ৰুগড়ত ভাস্কৰ দেউৰীক, কটিয়ৰীত হীৰনজিত বিৰেশ্বৰ দেউৰীক, ৰাজাবাৰীত ভৈৰৱ দেউৰীক, মাজুলীত ইনুপ্ৰভা দেউৰীক, চিচিবৰগাঁৱত ভৱানী দেউৰীক, শ্ৰীপানীত জুনমণি দেউৰীক, জোনাইত হেমন্ত দেউৰীক, গোগামুখত ৰাকেশ বৰদেউৰীক, বৰদেউৰীত অমৃত প্ৰভা দেউৰীক, কাচিকটাত উত্তম দেউৰীক, কিনাপথাৰত বিষ্ণু কুমাৰ দেউৰীক, বঙালমৰাত প্ৰফুল্ল দেউৰীক, গাভৰু টুনীজানত ৰমা দেউৰী আৰু গহপুৰত শশাংক বৰদেউৰীক প্ৰাৰ্থীত্ব দিয়‍ হৈছে ।

বিজেপিয়ে চাৰিটা সমষ্টি টেঙাপানী, যোৰহাট, বৰদলনি আৰু বাঁহগড়া সমষ্টি মিত্ৰদল অগপক এৰি দিছে । আনহাতে জনজাতি মহিলাৰ বাবে সংৰক্ষিত পিছলা সমষ্টিৰ প্ৰাৰ্থীৰ নাম বিজেপিয়ে আজিৰ তালিকাত ঘোষণা কৰা নাই । ইফালে কংগ্ৰেছে ইতিমধ্যে ১২ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । শাসক-বিৰোধী উভয়ে দেউৰী স্বায়ত্ত শাসিত নিৰ্বাচনৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছে যদিও ভোটগণনাৰ পাছতেহে সকলো স্পষ্ট হ'ব ।

লগতে পঢ়ক: DAC Election: দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.