ETV Bharat / state

দালালৰ সৈতে নাচি থাকে মুখ্যমন্ত্ৰীয়ে : ভূপেন বৰা

author img

By

Published : Oct 25, 2021, 5:17 PM IST

চৰকাৰক নিয়ন্ত্ৰণ কৰিবলৈ উপ-নিবাৰ্চন হ'ব লগা পাঁচটা সমষ্টিতে কংগ্ৰেছক ভোট দিবলৈ আহ্বান ভূপেন বৰাৰ ৷ অখিল গগৈৰ কথা ক'বলৈ হেনো বেয়া লগা হ'ল ভূপেন বৰাৰ ৷

bhupen-boras-election-campaign-in-thowra
দালালৰ সৈতে নাচি থাকে মুখ্যমন্ত্ৰীয়ে !

মৰাণ, 25 অক্টোবৰ : ৰাজ্যৰ সকলো সমস্যা তল পেলাই শাসক বিৰোধী সকলো এতিয়া ব্যস্ত উপ-নিবাৰ্চনত । উজনিৰ থাওৰা সমষ্টি এতিয়া মিনি দিছপুৰলৈ পৰিণত হৈছে । শাসক দলৰ একুৰি মন্ত্ৰী বিধায়ক এতিয়া ব্যস্ত থাওৰাক নিজৰ দখললৈ নিয়াৰ বাবে । ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছ আৰু ৰাইজৰ দলেও সমষ্টিটোত প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ।

দেওবাৰে থাওৰাত চৰকাৰক নিয়ন্ত্ৰণ কৰিবলৈ উপ-নিবাৰ্চন হ'ব লগা পাঁচটা সমষ্টিতে কংগ্ৰেছক ভোট দিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । সভাপতি গৰাকীয়ে কয়, চৰকাৰৰ স্বেচ্ছাচাৰীতাৰ লগতে সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসম পাঁচ নম্বৰ স্থানলৈ গতি কৰিছে । চৰকাৰে ৰাইজৰ মূৰৰ ওপৰত ধাৰৰ বোজা জাপি দিছে সেয়ে ৰাইজে বিৰোধী দলটোক শক্তিশালী কৰিলে চৰকাৰক ৰাইজৰ পক্ষত থাকিবলৈ বাধ্য কৰাটো সম্ভৱ হ'ব ।

দালালৰ সৈতে নাচি থাকে মুখ্যমন্ত্ৰীয়ে !

তাৰোপৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মন্তব্য কৰে যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে এতিয়া দালালৰ সৈতে হে নাচি থাকে ।

কংগ্ৰেছৰ সভাপতি গৰাকীয়ে পুনৰ কয় যে, অখিল গগৈৰ কথা ক'বলৈ এতিয়া বেয়া লগা হ'ল । অখিল গগৈয়ে বিজেপি মন্ত্ৰীৰ লগত দিল্লীত কথা পতাৰ পাছতেই থাওৰাত প্ৰাৰ্থী দিছে । মুঠৰ ওপৰত এতিয়া উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজনৈতিক নেতাৰ বাক যুদ্ধ তুংগত উঠিছে । অৱশ্যে, এই সকলোবোৰৰ অন্তত ফলাফল কি হয় সেয়া নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ সময়ত হে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : পদুমত দুৰ্গন্ধ আৰু আতৰত সুগন্ধ পাই আজমলে : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.