ETV Bharat / state

Public protest at Amguri: অৰুণোদয় আঁচনিৰ বঞ্চিত হিতাধিকাৰীয়ে ঘেৰাও কৰিলে পঞ্চায়ত

author img

By

Published : Feb 17, 2023, 4:32 PM IST

শিৱসাগৰ জিলাৰ আমগুৰিত একাংশ মহিলা হিতাধিকাৰীৰ প্ৰতিবাদ (Arunodoi deprived beneficiaries protest)। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ নামত কেলেংকাৰী হোৱাৰ অভিযোগ । নিশা পঞ্চায়ত ঘেৰাও কৰিলে মহিলাসকলে ।

Public protest at Amguri
অৰুণোদয় আঁচনিৰ বঞ্চিত হিতাধিকাৰীয়ে ঘেৰাও কৰিলে পঞ্চায়ত

অৰুণোদয় আঁচনিৰ বঞ্চিত হিতাধিকাৰীয়ে ঘেৰাও কৰিলে পঞ্চায়ত

আমগুৰি, ১৭ ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ বাবে ৰূপায়ণ কৰিছে অৰুণোদয় আঁচনি (Arunodoi Scheme in Assam)। কিন্তু এই আঁচনি ৰূপায়ণত ৰাজ্যজুৰি ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে । প্ৰকৃত হিতাধিকাৰী এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হোৱা বুলিও অভিযোগ উঠিছে (Arunodoi Scheme scam)।

এইবাৰ শিৱসাগৰ জিলাৰ আমগুৰিত এই আঁচনি ৰূপায়ণত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৰিছে একাংশ মহিলাই । শিৱসাগৰ জিলাৰ আমগুৰিত অৰুণোদয় আঁচনি লাভৰ পৰা বঞ্চিত মহিলাই যোৱা নিশা ঘেৰাও কৰিলে পঞ্চায়তৰ কাৰ্যালয় (Scam in preparation of Arunodoi beneficiaries list)। আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰুৱাআলি গাঁও পঞ্চায়ত ঘেৰাও কৰিলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলাই ।

নিশা পঞ্চায়তত কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ কাম সম্পাদন কৰি থকাৰ মাজতে বঞ্চিত একাংশ মহিলাই উপস্থিত হৈ কৰ্মচাৰীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে । ইফালে পঞ্চায়তৰ কৰ্মচাৰীসকলক মহিলাসকলে জবাবদিহি কৰাৰ লগতে ক্ষোভ প্ৰকাশ কৰে । অভিযোগ অনুসৰি বৰুৱাআলি গাঁও পঞ্চায়তত চাৰিটাকৈ ৱাৰ্ডত এগৰাকীও অৰুণোদয় হিতাধিকাৰীৰৰ নাম অন্তৰ্ভুক্ত নহ'ল ।

পঞ্চায়তখনৰ ৪, ৫, ৮, ৯ নং ৱাৰ্ডত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত নোহোৱাত দৰিদ্ৰ মহিলাসকল ক্ষোভিত হৈ পৰে । উল্লেখ্য যে, পঞ্চায়তটোৰ ১০ টাকৈ ৱাৰ্ডৰ মেম্বাৰসকলে প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ নাম প্ৰেৰণ কৰিছিল । কিন্তু ৱাৰ্ড মেম্বাৰৰ অজ্ঞাতে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি মাত্ৰ কিছুমান হিতাধিকাৰীহে আঁচনিখনত অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ কৰিছে মহিলাসকলে । যাৰ বাবে নিশাই পঞ্চায়তৰ উপ-সভাপতি, ৱাৰ্ড সদস্যা উপস্থিত হৈ বিসংগতিপূৰ্ণ নামৰ তালিকা কৰ্তন কৰিবলৈ দাবী জনোৱাৰ লগতে পঞ্চায়তৰ সচিব, লাট মণ্ডল, এগৰাকী প্ৰধান শিক্ষক আৰু স্থানীয় গাঁওবুঢ়াৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ।

অভিযোগ অনুসৰি পঞ্চায়তৰ ১০ টা ৱাৰ্ডৰ মুঠ ৯১০ গৰাকী হিতাধিকাৰীৰ কেৱল ৫৩০ গৰাকী হিতাধিকাৰীহে যোগ্য হিচাপে বিবেচনা কৰে । ইয়াৰে ৪ টা ৱাৰ্ডত এগৰাকীও হিতাধিকাৰীৰ নাম নথকাত ক্ষোভিত হৈ পৰে মহিলাসকল (Arunodoi deprived beneficiaries protest)। ইফালে পঞ্চায়তটোত দিনৰ ভাগতে ১০ টা ৱাৰ্ডৰে ৱাৰ্ড সদস্যা উপস্থিত হৈ এনে বিসংগতিপূৰ্ণ তালিকা কৰ্তন কৰিবলৈ দাবী জনাই আমগুৰি খণ্ড উন্নয়ন বিষয়াক লিখিত অভিযোগ দাখিল কৰিছিল ।

ৱাৰ্ড সদস্যাৰ অভিযোগক নস্যাৎ কৰি পঞ্চায়তৰ একাংশ কৰ্মচাৰীয়ে নিজ ইচ্ছা মতে কৰ্ম সম্পাদন কৰাত মহিলাসকল নিশা পঞ্চায়তলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । মহিলাসকলে ইয়াৰ সঠিক তদন্তৰ দাবী কৰে ।

লগতে পঢ়ক :Press Conference of Angurlata Deka: গোলাঘাটত আঙুৰলতা ডেকাৰ সংবাদ মেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.