ETV Bharat / state

1st convocation of ARGUCM: ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহ

author img

By

Published : Dec 28, 2022, 10:06 PM IST

ARGUCM celebrates its convocation day in Sivasagar
অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহ

অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়ৰ আজি অনুষ্ঠিত হয় প্ৰথম সমাৱৰ্তন সমাৰোহ (1st convocation of ARGUCM)৷ শিৱসাগৰস্থিত বিশ্ববিদ্যালয়খনৰ পৰা MBA, MCOM, LLM, BBA, MCA আদি পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীসকলক আজি আনুষ্ঠানিকভাৱে ডিগ্ৰীসমূহ প্ৰদান কৰা হয় ।

অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহ

শিৱসাগৰ, 28 ডিচেম্বৰ: অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয় আইন ২০১০ ৰ অধীনত প্ৰতিষ্ঠা হোৱা অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয় হৈছে দেশৰ ভিতৰতে প্ৰথম সমবায় পৰিচালিত বিশ্ববিদ্যালয় (Assam Rajiv Gandhi University Of Cooperative Management) । বিশ্ববিদ্যালয়খন আৰগুকম ইউ জি চি ৰ পঞ্জীয়ণ নং এফ.৯-২১/২০১১ (চিপিপি -১/পি ইউ) তাং, ফেব্ৰুৱাৰী ২৭, ২০১২ ৰ অধীনত স্বীকৃতিপ্ৰাপ্ত ।

বৌদ্ধিক বিকাশ আৰু শিক্ষণ, গুণ-দক্ষতা আৰু পৰিচালন ক্ষমতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ আৰু নতুন ক্ষেত্ৰস্থলত অনুসন্ধানৰ বাবে গৱেষণা আৰু প্ৰচেষ্টাৰে সৰ্বতো প্ৰকাৰৰ উন্নতি, সমবায় আন্দোলন আৰু গ্ৰাম্য অৰ্থনীতি বৃদ্ধিৰ মূল লক্ষ্যৰে উজনি অসমৰ শিৱসাগৰ জিলাত স্থাপন কৰা এই বিশ্ববিদ্যালয়খন এখন শৈক্ষিক আৰু আবাসিক বিশ্ববিদ্যালয় ।

শিৱসাগৰত থকা দেশৰ এই প্ৰথমখন সমবায় বিশ্ববিদ্যালয়ৰ আজি প্ৰথমটো সমাৱৰ্তন সমাৰোহ অনুষ্ঠিত হয় (1st convocation of ARGUCM) । সমাৱৰ্তন অনুষ্ঠানটো অনুষ্ঠিত হয় শিৱসাগৰৰ ডিমৌ পথাৰত ৷ বিশ্ববিদ্যালয়খনৰ পৰা MBA, MCOM, LLM, BBA, MCA আদি পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ১০৮ গৰাকী ছাত্ৰ-ছাত্ৰীক অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য প্ৰফেচাৰ জগদীশ মুখীয়ে (Assam Governor Jagdish Mukhi) আনুষ্ঠানিকভাৱে ডিগ্ৰী সমূহ প্ৰদান কৰে (Assam Rajiv Gandhi University)।

বিশ্ববিদ্যালয়খনৰ সমাৱৰ্তন অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে উত্তৰ পূৱ পৰিষদৰ সদস্য তথা অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্চেল অঞ্জন কুমাৰ গগৈ (Air Marshal Shri Anjan Kumar Gogoi)। অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত, শিৱসাগৰৰ আৰক্ষী অধীক্ষক, শিৱসাগৰ জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষয়ো অংশগ্ৰহণ কৰে । উল্লেখ্য যে ২০১০ চনত অসম বিধানসভাত এই বিশ্ববিদ্যালয়খন স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছিল ।

২০১৩ চনৰ পৰা পাঠ্যক্ৰম আৰম্ভ হোৱা এই খন দেশৰ প্ৰথম সমবায় বিশ্ববিদ্যালয় । বিশ্ববিদ্যালয়খনে প্ৰথম শৈক্ষিক কাৰ্যক্ৰম হিচাপে বিজিনেচ কৰ্তৃপক্ষ স্নাতক পাঠ্যক্ৰম ২০১৩ চনত আৰম্ভ কৰে আৰু কালক্ৰমত এম.বি.এ, এল.এল.বি, এম.চি.এ আৰু পি.এইচ.ডি কে ধৰি বিভিন্ন পাঠ্যক্ৰম আৰম্ভ কৰে । গ্ৰাম্য অৰ্থনীতি তথা সমবায় আন্দোলনৰ ক্ষেত্ৰত কুশলতা লাভ কৰিব পৰা মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয়ে এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে ।

প্ৰতিষ্ঠা কালৰে পৰা এই বিশ্ববিদ্যালয়খনে উচ্চ-শিক্ষাৰ ক্ষেত্ৰত সুখ্যাতি লাভ কৰিবলৈ চেষ্টা কৰি আহিছে । বিশ্ববিদ্যালয়খনত বৰ্তমান তিনিটা বিভাগ আছে- স্কুল ফৰ এনটাৰপেনিয়ৰচিপ এণ্ড মেনেজমেণ্ট(School for Entrepreneurship and Management), স্কুল অফ ইনভেচন এণ্ড টেকনলজি আৰু স্কুল অফ পাব্লিক পলিচি এণ্ড ল । ইয়াৰ দ্বাৰা কৃষি-উদ্যোগ, সমবায় তথা SME বিভিন্ন সেৱা আগবঢ়োৱা বিষয়ত বিভিন্ন ধৰণৰ উৎকৃষ্ট কাৰ্যক্ৰম প্ৰৱৰ্তন কৰিছে বিশ্ববিদ্যালয়খনে ।

লগতে পঢ়ক: ATTSA Platinum Jubilee at Golaghat: গোলাঘাটত আটছাৰ মহাৰজত জয়ন্তীৰ সাংস্কৃতিক শোভাযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.