ETV Bharat / state

দিখৌমুখত বানৰ সংহাৰী ৰূপঃ জলমগ্ন 10 খনৰো অধিক গাওঁ

author img

By

Published : Jul 12, 2020, 10:41 AM IST

আমগুৰি সমষ্টিৰ আলিমূৰ,বৰগাঁও,পুৰণিগুডাম, তেলিয়াডোঙা, ৰূপহীমুখ মিছিং গাঁও,ৰূপহীমুখ কুমাৰ গাঁও,স'ৰাগুৰি চাপৰিৰ বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে বানৰ কবলত ৷ ইয়াৰ মাজতে, শিৱসাগৰ জিলা সদৌ অসম ছাত্ৰ সন্থাৰ এটি দলে বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷

Aamguri Dikhoumukh flood condition getting worse
আমগুৰিৰ দিখৌমুখত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ

আমগুৰি,12 জুলাইঃ আমগুৰি সমষ্টিৰ দিখৌমুখত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে ১০ খনৰো অধিক গাঁও । ফলত বিচ্ছিন্ন হৈ পৰিছে দিখৌমুখ আলিমূৰ আৰু ৰূপহীমুখৰ সংযোগ ৷

আমগুৰিৰ দিখৌমুখত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ

উল্লেখ্য যে, প্ৰতিবছৰে বিভীষিকা চলোৱা বান প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো উপযুক্ত ব্যৱস্থা নোলোৱাৰ বাবে আলিমূৰ, বৰগাঁও, পুৰণিগুডাম, তেলিয়াডোঙা, ৰূপহীমুখ মিছিং গাঁও,ৰূপহীমুখ কুমাৰ গাঁও,স'ৰাগুৰি চাপৰিৰ বিস্তীৰ্ণ অঞ্চল বুৰ গৈছে পানীৰ তলত ৷ ইয়াৰ মাজতে, শিৱসাগৰ জিলা সদৌ অসম ছাত্ৰ সন্থাৰ এটি দলে বানবিধ্বস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি চৰকাৰক বানপানী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক- গোৰেশ্বৰৰ নাওকাটাত বানৰ বিভীষিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.