ETV Bharat / state

আমগুৰিত দৰিদ্ৰতাৰ এখন পুতৌলগা ছবি

author img

By

Published : Jun 22, 2021, 8:02 PM IST

আমগুৰিত দৰিদ্ৰতাৰ এখন পুতৌলগা ছবি। অন্ন, বস্ত্ৰ, বাসস্থান আৰু জীয়াই থকাৰ মৌলিক সুবিধাৰ পৰা বঞ্চিত এটি পৰিয়াল । তিনিটি সন্তানক বুকুত বান্ধি এহাল দম্পতীয়ে অতি দুৰ্বিষহভাৱে অতিবাহিত কৰিব লগা হৈছে জীৱন।

আমগুৰিত দৰিদ্ৰতাৰ এখন পুতৌলগা ছবি
আমগুৰিত দৰিদ্ৰতাৰ এখন পুতৌলগা ছবি

আমগুৰি,22 জুন: তিনিটি সন্তানক বুকুত বান্ধি এক দম্পত্তিৰ জীৱন সংগ্ৰাম ৷ অতি দুৰ্বিষহভাৱে পৰিয়ালটোৱে অতিবাহিত কৰিব লগা হৈছে জীৱন । আমগুৰি সমষ্টিৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ অনিল গগৈ আৰু মৌচুমী গগৈৰ এই দম্পতিয়ে টকৌ পাতৰ তলতে অতি কষ্টেৰে জীৱন অতিবাহিত কৰিব লগা হৈছে ।

শুবলৈ এখন বিচনাও নাই দুৰ্ভগীয়া পৰিয়ালটিৰ । তিনিটি অবুজ সন্তানক বুকুত সাৱটি মাটিতে পাৰ কৰিব লগা হয় প্ৰতিটো বৰ্ষণমুখৰ গধুলি । দূৰ্ভগীয়া পৰিয়ালটোৱে আজিলৈকে নাপালে চৰকাৰী আঁচনিৰ এটি গৃহ । চৰকাৰী গৃহ লাভ নকৰাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে পৰিয়ালটো ।

আমগুৰিত দৰিদ্ৰতাৰ এখন পুতৌলগা ছবি

জৰাজীৰ্ণ ঘৰটোৰ ওপৰেৰে আকাশৰ তৰা গণিব পৰা অৱস্থা । ফলত বৰষুণ দিলে টকৌপাত ভেদি পাৰ হৈ অহা পানীৰ টোপালে ভাঙে তেওঁলোকৰ দুচকুৰ নিদ্ৰা । ইয়াৰ মাজতে এই কণ কণ তিনিটা সন্তানক ডাঙৰ দীঘল কৰিবলৈ এনেকৈয়ে চেষ্টা অব্যাহত ৰাখিছে এই দম্পত্তিয়ে ।

পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী অনিল গগৈয়ে দিন-হাজিৰা কৰি কোনোমতে পোহপাল দি আহিছিল পৰিয়ালটো ৷ কিন্তু ক’ভিডসৃষ্ট পৰিৱেশ তথা আংশিক ল’কডাউনৰ বাবে দিনটোৰ এসাজ যোগাৰ কৰিবলৈও এতিয়া অপাৰগ পৰিয়ালটো ৷ এনে অৱস্থাত প্ৰায়ে লঘোনে থাকিব লগীয়া হৈছে তিনিটি সন্তান সহিতে পৰিয়ালটো ।

এইয়া মাথো এক উদাহৰণহে ৷ ক’ভিডসৃষ্ট পৰিৱেশ তথা আংশিক ল’কডাউনৰ বাবে ৰাজ্যত এতিয়া এনে বহু পৰিয়ালে দিনৰ এসাজ আহাৰো যোগাৰ কৰিব নোৱাৰাৰ দৰে অৱস্থা দেখিবলৈ পোৱা গৈছে ৷ এনে এক নিষ্ঠুৰ সময়ত এই সমূহ নিঃকিন পৰিয়ালক খাদ্য সামগ্ৰীকে ধৰি আৰ্থিক সাহাৰ্য যোগান ধৰিবলৈ সকলোৱে চৰকাৰ জনাইছে আহ্বান ৷

তাৰোপৰি বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহেও এইসকল লোকক সহায়ৰ হাত আগবঢ়াই আগুৱাই অহাৰ আহ্বান জনাইছে সকলোৱে ৷

লগতে পঢ়ক: কৰ'ণাত বিধ্বস্ত সৰ্থেবাৰীৰ কাঁহ শিল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.