ETV Bharat / state

Teaching Aids to Poor Student: নলবাৰীত মেধাৱী ছাত্ৰী প্ৰতীক্ষা হাজৰিকাৰ পঢ়াৰ দায়িত্ব ল'লে সাংবাদিকে

author img

By

Published : Aug 5, 2022, 1:04 PM IST

Updated : Aug 5, 2022, 1:43 PM IST

Nalbari
Nalbari

সাংবাদিকৰ মহানুভৱতা । নলবাৰীৰ কৃতি ছাত্ৰী প্ৰতীক্ষা হাজৰিকাৰ পঢ়াৰ দায়িত্ব ল'লে নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে (Senior journalist of Nalbari takes responsibility of a student) । নলবাৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত লোৱা পদক্ষেপক আদৰণি শৈক্ষিক মহলৰ ।

নলবাৰী, ৫ আগষ্ট : এগৰাকী সাংবাদিকৰ মহানুভৱতা ৷ সংবাদ ক্ষেত্ৰত জড়িত হৈও এগৰাকী দুখীয়া মেধাৱী ছাত্ৰীক সহায়ৰ হাত আগবঢ়াবলৈ আগুৱাই আহিল নলবাৰীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ৷ নলবাৰী জিলাৰ বৰনৰ্দ্দীৰ চুৰচুৰিৰ গাঁৱৰ মেধাৱী ছাত্ৰী প্ৰতীক্ষা হাজৰিকাই উচ্চতৰ মাধ্যমিকৰ পঢ়াৰ ক্ষেত্ৰত দায়িত্ব ল'লে নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে (journalist Brajen Talukdar takes responsibility of a student) ৷

ইতিমধ্যে জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ছাত্ৰীগৰাকীক আৰ্থিক সকাহ দিয়ে সাংবাদিকগৰাকীয়ে ৷ অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী প্ৰতীক্ষা হাজৰিকাই বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৯৪.১৬% নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত (Nalbari AASU leads to help poor student)।

অতি দুখীয়া পৰিয়ালৰ ছাত্ৰীগৰাকীৰ অধ্যায়নত যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰে এনে আদৰণীয় পদক্ষেপ । বৃহস্পতিবাৰে সন্ধিয়া নলবাৰী শ্বহীদ ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত ছাত্ৰীগৰাকীক এই পঢ়াৰ বাবে কিছু আৰ্থিক সহায় কৰে জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে ।

নলবাৰীত মেধাৱী ছাত্ৰী প্ৰতীক্ষা হাজৰিকাৰ পঢ়াৰ দায়িত্ব ল'লে সাংবাদিকে

উক্ত অনুষ্ঠানতে জিলা আছুৰ সভাপতি আৰু সম্পাদক গুণজ্যোতি পাঠক আৰু অক্ষয় ডেকাই মন্তব্য আগবঢ়ায় ৷ আনহাতে, জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে কয় যে প্ৰতীক্ষা আমাৰ সম্পদ । এই সম্পদক আমি আৰ্থিক অভাৱৰ ফলত পিছুৱাই যাব দিব নোৱাৰো । আমি ইয়াৰ দায়িত্ব ল'ম অনাগত দিনত । আজিৰ এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Student Union of Nalbari great initiative) কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদ, জিলা আছুৰ সহঃ সম্পাদক দিগন্ত ভৰালী, নিৰুজউদ্দিন আহমেদ, গৌতম বেজবৰুৱা আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি বিশাল চৌধুৰী, সম্পাদক নৱ ডেকা উপস্থিত থাকে ।

উল্লেখ্য যে মেধাৱী ছাত্ৰী প্ৰতীক্ষা হাজৰিকাৰ দেউতাক যোৱা ২৬ মে'ত এক জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল । পিতৃৰ মৃত্যুৰ পিছত মাতৃ বিনীতা হাজৰিকাই পৰিয়াল চলাই নিয়াত যথেষ্ট অসুবিধা হৈছিল আৰু ছাত্ৰীগৰাকীৰ উচ্চ শিক্ষাৰ বাবে বাধাৰ সৃষ্টি হৈছিল । কিন্তু ছাত্ৰ সন্থা আৰু সাংবাদিক ব্ৰজেন তালুকদাৰৰ সহায়ত পৰিয়ালটোৱে আজি কিছু আশাৰ ৰেঙনি দেখা পাইছে ।

ছাত্ৰী প্ৰতীক্ষা হাজৰিকাই আজি আনন্দিত হৈ ছাত্ৰ সন্থা আৰু ব্ৰজেন তালুকদাৰক কৃতজ্ঞতা জ্ঞাপন কৰি সদায় সমাজৰ বাবে কাম কৰিব বুলি মত পোষণ কৰে । মাতৃ বিনীতা হাজৰিকাই চকুলো টুকি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু ব্ৰজেন তালুকদাৰে পৰিয়ালটোক নতুন জীৱন দিয়া বুলি আবেগিক হৈ পৰে । ছাত্ৰীগৰাকীৰ সমস্ত পঢ়াৰ খৰচৰ লগতে কিতাপ-কাগজ আদিৰ লগতে শৈক্ষিক সঁজুলি যি প্ৰয়োজন হয় ছাত্ৰ সন্থাৰ সহযোগত সাংবাদিক ব্ৰজেন তালুকদাৰে বহন কৰিব বুলি সভাত জিলা নেতৃত্বই সদৰী কৰে (free educational equipment to poor student by AASU)৷

লগতে পঢ়ক :School unification : মাজুলীত বিদ্যালয় একত্ৰীকৰণক লৈ ক্ষোভিত অভিভাৱক

Last Updated :Aug 5, 2022, 1:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.