ETV Bharat / state

Poor condition of Nalbari school : বৃক্ষৰ তলত মানৱ সম্পদ গঢ়াৰ প্ৰক্ৰিয়া !

author img

By

Published : Dec 21, 2022, 6:30 PM IST

Poor condition of Nalbari school
নলবাৰীৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা

শ্ৰেণীকোঠাৰ অভাৱত গছৰ তলতে পাঠদান চলিছে নলবাৰীৰ উত্তৰ ভাংনামাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত (Bhangnamari Model LP School condition)। ১৬০ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে বিদ্যালয়খনত আছে মাত্ৰ দুগৰাকী শিক্ষক । উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ শিশুসকল ।

নলবাৰীৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা

নলবাৰী, ২১ ডিচেম্বৰ : ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ মান উন্নত কৰাৰ বাবে গুণোৎসৱ, একত্ৰিকৰণ আদি বিভিন্ন ধৰণৰ পদক্ষেপ আৰু আঁচনি গ্ৰহণ কৰিছে চৰকাৰে । কিন্তু সেই আঁচনিবোৰে ৰাজ্যৰ কিছুমান অঞ্চল এতিয়াও ঢুকি পোৱা নাই । সেই অঞ্চলবোৰৰ ভিতৰত আছে নলবাৰীৰ বহুতো অঞ্চল ।

জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপ দেখিলে আপুনিও আচৰিত হ'ব । মুকালমুৱাৰ এখন চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ । মুকালমুৱাৰ উত্তৰ ভাংনামাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত শ্ৰেণীকোঠাৰ অভাৱত মুকলি আকাশৰ তলতে চলিছে শিক্ষাৰ্থীৰ পাঠদান (Pathetic condition of LP school in Nalbari)। বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অধীনস্থ উত্তৰ ভাংনামাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত গছৰ তলত বহি প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছে শিক্ষাৰ্থীসকলে (Bhangnamari Model LP School condition)।

বৰষুণৰ বতৰত ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণীকোঠাৰ অভাৱত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগা হয় । বিদ্যালয়খনত ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক আছে মাত্ৰ দুগৰাকী । দুয়োগৰাকী শিক্ষকে বিভিন্ন সমস্যাৰে বিদ্যালয়খনত শিক্ষাদান কৰি আহিছে । বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ছবিয়ে একপ্ৰকাৰ ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপ পোহৰলৈ আনিছে (Condition of Bhangnamari LP school in Nalbari)।

চৰকাৰে বিদ্যালয়ৰ সকলো দিশৰ উন্নয়নৰ দাবী কৰাৰ বিপৰীতে নলবাৰীৰ বিদ্যালয়খনৰ এনে দুৰৱস্থা দেখি আচৰিত হৈছে অঞ্চলটোৰ ৰাইজ । আন্তঃগাঁথনি উন্নত কৰাৰ লগতে বিদ্যালয়খনত শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে স্থানীয় ৰাইজে । শ্ৰেণীকোঠা আৰু শিক্ষকৰ অভাৱৰ বাবে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ শিশুসকল (Poor condition of primary school in Nalbari)।

উল্লেখ্য যে ৰাজ্যৰ চৰাঞ্চলসমূহত বহুতো অসামাজিক কাৰ্যকলাপ চলি থকা দেখা যায় । এই চৰাঞ্চলবোৰ একাংশ অপৰাধীৰ ৰম্যভূমি বুলিও অভিযোগ আছে । তেনে পৰিস্থিতিত এনে শিক্ষা ব্যৱস্থাই অঞ্চলসমূহৰ ছাত্র-ছাত্ৰীক কিদৰে উপযুক্ত শিক্ষাৰ বাট দেখুৱাব তাক লৈ উত্থাপিত হৈছে বিভিন্ন প্ৰশ্নৰ ! উন্নয়নৰ শ্ল'গান দিয়া ৰাজ্যৰ শিক্ষা বিভাগ তথা চৰকাৰৰ এনেবোৰ বিদ্যালয়ৰ ওপৰত চকু পৰিবনে ?

অসমৰ দুগৰাকীকৈ কেবিনেট মন্ত্ৰীৰ গৃহ জিলা নলবাৰী । তেনে অৱস্থাত জিলাখনৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি চৰকাৰৰ অৱহেলা দেখি আচৰিত হৈছে জিলাবাসী । অতি শীঘ্ৰে উত্তৰ ভাংনামাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ লগতে বিদ্যালয়ৰ আন্ত:গাঁথনিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজ তথা বিদ্যালয়খনৰ শিক্ষকসকলে ।

লগতে পঢ়ক :Eviction against encroachments: হিন্দু-মুছলমান সকলোৱে এৰিব লাগিব সত্ৰৰ ভূমি: মুখ্য়মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.