ETV Bharat / state

Patients deprived of medical care: নলবাৰীত যাতায়তৰ অভাৱত কান্ধত ভাৰ বান্ধি নিলে ৰোগীক নিলে চিকিৎসালয়লৈ

author img

By

Published : Jan 5, 2023, 2:12 PM IST

নলবাৰীত যাতায়ত তথা স্বাস্থ্য বিভাগৰ এখন ভয়লগা ছবি । নলবাৰীৰ মুকালমুৱাত যাতায়তৰ অভাৱত কান্ধত ভাৰ বান্ধি ওলোমাই চিকিৎসালয়লৈ নিবলগা হৈছে ৰোগীক (Poor condition of health care) ।

Poor condition of Health department in Nalbari
ৰোগীক কান্ধত উঠাই লৈ গ’ল চিকিৎসালয়লৈ

ৰোগীক কান্ধত উঠাই লৈ গ’ল চিকিৎসালয়লৈ

নলবাৰী, ৫ জানুৱাৰী: নলবাৰী জিলাৰ মুকালমুৱাত যাতায়তৰ লগতে স্বাস্থ্যখণ্ডৰ এক দুখজনক ছবি শেহতীয়াকৈ পোহৰলৈ আহিছে । এম্বুলেঞ্চ তথা ব’ট ক্লিনিকৰ অভাৱত বাহৰ চাঙিৰে কান্ধত ভাৰ বান্ধি চিকিৎসালয়লৈ আনিব লগা হ’ল এগৰাকী ৰোগীক । জিলাখনৰ দুজনকৈ মন্ত্ৰীয়ে উন্নয়নৰ কথাৰে দম্ভালি মৰা মুকালমুৱাৰ এটি দৃশ্যই এতিয়া উদঙাইছে জিলাখনত থকা যাতায়ত আৰু স্বাস্থ্য সেৱাৰ নামত হোৱা উন্নয়নৰ ফোঁপোলা স্বৰূপ । প্ৰতিবেদনৰ লগত থকা ভিডিঅ’ত দেখুওৱা দৃশ্য হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ মুকালমুৱাৰ ।

এম্বুলেঞ্চ, ব’ট ক্লিনিকৰ(নৌকা চিকিৎসালয়) অভাৱত কান্ধত ভাৰ বান্ধি মুকালমুৱা চিকিৎসালয়লৈ কঢ়িয়াই আনিলে এগৰাকী ৰোগীক (Patients deprived of medical care due to lack of transportation) । ২ নং ভেলামাৰীৰ পৰা মুকালমুৱা চিকিৎসালয়লৈ ৰোগী গৰাকীক এনেদৰে কান্ধত ভাৰ বান্ধি কঢ়িয়াই আনিলে পৰিয়ালৰ লোকে । যাতায়ত সেৱাৰ অভাৱৰ লগতে চৰকাৰে চৰাঞ্চলত যোগান ধৰা ব’ট ক্লিনিকৰ (নৌকা চিকিৎসাৰ) অভাৱত মুকালমুৱা চিকিৎসালয়ত ৰোগী গৰাকীক চিকিৎসা প্ৰদান কৰি পুনৰ ভাৰ বান্ধি তেনেকৈয়ে ঘৰলৈ লৈ গ'ল ।

লগতে পঢ়ক: Road Accident in Morigaon: নৱবৰ্ষৰ প্ৰথমটো দিনতে মৰিগাঁৱত বহুকেইটা পথ দুৰ্ঘটনা, নিহত এজন

উল্লেখযোগ্য যে দুৰ্গম চৰাঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ কেইবা কিলোমিটাৰ খোজকাঢ়ি মুকালমুৱা চিকিৎসালয়লৈ ৰোগীক কান্ধত ভাৰ বান্ধি কঢ়িয়াই অনা দৃশ্য এতিয়া সুলভ হৈ পৰিছে অঞ্চলটোত । কিয়নো চৰাঞ্চলৰ যাতায়তৰ নামত কেৱল মাত্ৰ ভূটভূটী কেইখনহে উপলব্ধ । যি কেইখন কেৱল নিয়মীয়া যাতায়তৰ বাবেহে উপলব্ধ । চৰ অঞ্চলৰ স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে চৰাকাৰে যি নৌকা চিকিৎসা সেৱা প্ৰদান কৰাৰ কথা কৰিছিল, সেয়া কেৱল কাগজে কলমতেই সীমাবদ্ধ হৈ থাকিল ।

চৰাঞ্চলৰ দুৰ্গম ঠাইবোৰৰ বাবে ব’ট ক্লিনিক সেৱাকে ধৰি বিভিন্ন মেডিকেল সেৱা নামত আছে যদিও এইবোৰৰ কোনো সুবিধা নাপাই জনসাধাৰণে । চৰাঞ্চলৰ লোকসকল অসুস্থ হ’লে তেওলোকৰ চিকিৎসাৰ বাবে কান্ধত ভাৰ বান্ধি লৈ যাব লগীয়া হয় মুকালমুৱা চিকিৎসালয়লৈ ।

এনেদৰে চিকিৎসাৰ নামত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে চৰাঞ্চলৰ লোকসকলে । প্ৰতিখন চৰকাৰৰ মন্ত্ৰী-বিধায়কে গ্ৰামাঞ্চলে ধৰি সকলোতে উন্নয়ন হৈ অহা বুলি কৈ আহিলেও ৰোগীক কঢিয়াই নিয়া উপৰোক্ত পৰিবেশে পুনৰ এবাৰ প্ৰমান কৰিলে চৰকাৰৰ মিথ্যাচাৰ । এই প্ৰতিবেদন প্ৰকাশৰ পাছত চৰাঞ্চলকে ধৰি পিছপৰা অঞ্চলসমূহৰ উন্নয়নৰ বাবে চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব মন কৰিবলগীয়া ।

লগতে পঢ়ক: Poor Condition Bridge Bihpuria : বিহপুৰীয়াৰ এখন দলঙে জ্বলাকলা খুৱাইছে পথচাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.