ETV Bharat / state

নলবাৰীৰ চামতাত ড্ৰাগছ সহ এজনক আটক কৰিলে আৰক্ষীয়ে

author img

By

Published : Jun 3, 2021, 1:04 PM IST

অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শদিয়াৰ পৰা ধুবুৰীলৈ অব্যাহত থকা এনে অভিযানত প্ৰায় প্ৰতিদিনেই আৰক্ষীৰ জালত পৰিছে বহু অপৰাধী ৷ শেহতীয়াকৈ নলবাৰীৰ চামতাত ড্ৰাগছ সহ আৰক্ষীয়ে আটক কৰিলে এজনক ৷

nalbari police catches drugs peddler
নলবাৰীৰ চামতাত ড্ৰাগছ সহ এজনক আটক কৰিলে আৰক্ষীয়ে

নলবাৰী, 3 জুন: ৰাজ্যৰ শাসনত নতুন চৰকাৰ অধিষ্ঠিত হোৱাৰ পিছৰে পৰা ক্ৰমাগতভাৱে অবৈধ নিচাযুক্ত দ্ৰব্যৰ বেহা-বেপাৰ কৰা লোক সকলৰ বিৰুদ্ধে অধিক শক্তিশালী ৰূপ লৈছে অসম আৰক্ষীয়ে ৷ বিশেষকৈ ড্ৰাগছৰ বিৰুদ্ধে শদিয়াৰ পৰা ধুবুৰীলৈ ক্ৰমাগত অভিযান চলাইছে অসম আৰক্ষীয়ে ৷ আৰক্ষীৰ দৃষ্টি নিবদ্ধ আছে ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে সকলো ধৰণৰ ক্ৰেতা বিক্ৰেতাৰ ওপৰত ৷

ইয়াৰ মাজতে বৃহস্পতিবাৰে নলবাৰীৰ চামতাত ড্ৰাগছ সহ আৰক্ষীৰ জালত পৰি আটক হ’ল এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী জন নলবাৰী জিলাৰ জোৱাদ্দিৰৰ নৱজিৎ কলিতা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বাইকৰে ৪ টাকৈ ব্ৰাউন চুগাৰৰ কন্টেইনাৰ লৈ আহি থাকোতে চামতাত আৰক্ষীয়ে আটক কৰে নৱজিতক ৷

উল্লেখযোগ্য যে, বেলশৰ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী নৱজিতক ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি জব্দ হোৱা ব্ৰাউন চুগাৰখিনিৰ ওজন ৭.৬ গ্ৰাম ৷ সম্প্ৰতি, এই ঘটনাৰ সৈতে জড়িত চক্ৰটোৰ তথ্যৰ সন্ধানত বেলশৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী নৱজিতক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: চিকিৎসক নিগ্ৰহ কাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পন বিবেকানন্দ দাসক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.