ETV Bharat / state

গৰুখুঁটি কাণ্ড সন্দৰ্ভত দুই সাংসদৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 29, 2021, 9:51 AM IST

mp-naba-sarania-and-mp-abdul-khalek-reacted-on-gorukhuti-incident
গৰুখুঁটি কাণ্ড সন্দৰ্ভত দুই সাংসদৰ প্ৰতিক্ৰিয়া

শেহতীয়া গৰুখুঁটি কাণ্ড(Gorukhuti Incident) সন্দৰ্ভত নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ নৱ শৰণীয়া(Naba Sarania) আৰু সাংসদ আব্দুল খালেক(Abdul Khalek)য়ে ৷ গৰুখুঁটি কাণ্ডৰ পুনৰাবৃত্তি হোৱাতো বিচৰা নাই সাংসদ নৱ শৰণীয়াই ৷ আনহাতে, আলোচনা আৰু বুজাবুজিৰ মাজেৰে চৰকাৰক বেদখন ভূমি উচ্ছেদ কৰিবলৈ আহ্বান সাংসদ আব্দুল খালেকৰ ৷

নলবাৰী, 29 ছেপ্তেম্বৰ : গৰুখুঁটি কাণ্ড(Gorukhuti Incident) সন্দৰ্ভত মঙলবাৰে নলবাৰীত উপস্থিত হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ নৱ শৰণীয়া(Naba Sarania) আৰু সাংসদ আব্দুল খালেক(Abdul Khalek)য়ে ৷ গৰুখুঁটি কাণ্ডৰ পুনৰাবৃত্তি হ’ব নালাগে ৷ গৰুখুঁটিৰ উচ্ছেদিত পৰিয়ালে ক্ষতিপূৰণ পোৱাতো অতি জৰুৰী । বিটিআৰ(BTR)তো এনেধৰণৰ বেদখলৰ সমস্যা ৷ সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ শৰণীয়াই ৷

গৰুখুঁটি কাণ্ড সন্দৰ্ভত সাংসদ আব্দুল খালেকৰ প্ৰতিক্ৰিয়া

আনহাতে, সাংসদ আব্দুল খালেকে কয় যে, 23 গৰাকী আৰক্ষীয়ে মিলি এজন লোকক হত্যা কৰাতো মানৱতাৰ বিৰোধী । একেদৰে উচ্ছেদিত লোকক উপযুক্ত সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াতো চৰকাৰৰ দায়িত্ব । বিদেশীৰ ঠিকনা স্বদেশী কেতিয়াও হ’ব নোৱাৰে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

গৰুখুঁটি কাণ্ড সন্দৰ্ভত সাংসদ নৱ শৰণীয়াৰ প্ৰতিক্ৰিয়া

লগতে তেওঁ কয় যে, উচ্ছেদিত লোকসকল যদি বিদেশী হয় তেন্তে উচ্ছেদ কৰাৰ পাচত সেই লোকসকল ক’লৈ গ’ল, সেই তথ্য চৰকাৰে ৰাজহুৱা কৰিব লাগে । গৰুখুঁটিৰ পৰা উচ্ছেদ কৰা লোকসকলৰ ঠিকনা অন্য ৰাজ্যত ঠাইত হ’ব নোৱাৰে । বল প্ৰয়োগ কৰি নহয়, এক আলোচনা আৰু বুজাবুজিৰ মাজেৰে কৰা উচ্ছেদ কৰিবলৈ চৰকাৰক আহ্বান জনায় সাংসদ আব্দুল খালেকে ৷

লগতে পঢ়ক : প্ৰাপ্য বিচাৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত সুৰক্ষা কৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.