ETV Bharat / state

Assam BJP press meet : বদৰুদ্দিন আজমল আজিলৈকে অসমীয়া হ’বলৈ নিশিকিলে: মন্ত্রী জয়ন্তমল্ল বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 12:56 PM IST

Minister Jayanta Malla Baruah press meet in Nalbari
নলবাৰী জিলা বিজেপি কাৰ্যালয়ত সাংগঠনিক সভা

নলবাৰী জিলা বিজেপি কাৰ্যালয়ত সাংগঠনিক সভা । সভাত উপস্থিত হৈ আজমলে সভাত চেলেং চাদৰ দলিয়াই দিয়াৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই ।

নলবাৰী জিলা বিজেপি কাৰ্যালয়ত সাংগঠনিক সভা

নলবাৰী, 15 নৱেম্বৰ: নলবাৰী জিলা বিজেপিৰ কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত হয় দলটোৰ সাংগঠনিক সভা । ৰাজ্যখনৰ শেহতীয়া বিভিন্ন বিষয় সন্দৰ্ভত সাংগঠনিক সভাৰ শেষত বিধায়ক তথা মন্ত্রী জয়ন্তমল্ল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ সাংসদ বদৰুদ্দিন আজমলে চেলেং চাদৰ দলিয়াই দিয়া সন্দৰ্ভত নলবাৰীত প্ৰতিক্ৰিয়া আগবঢ়াই মন্ত্ৰীগৰাকীয়ে কয়, "বদৰুদ্দিন আজমল আজিলৈকে অসমীয়া হ’বলৈ নিশিকিলে । বদৰুদ্দিন আজমলে অসমীয়া হ’বও নোৱাৰে । যাৰ বাবে বদৰুদ্দিন আজমলে অসমীয়াৰ কৃষ্টি গামোচা, জাপি, চেলেং চাদৰ, শৰাই আদিৰ মহত্ব বুজি নাপায় ৷ বদৰুদ্দিন আজমল সাংসদ, বিধায়ক হ’ব পাৰে কিন্তু প্ৰকৃত অসমীয়া হ’বলৈ কিছু সময় লাগিব ।"

আনহাতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য আগবঢ়ায় ৷ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ বাবে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই প্ৰতিদ্বন্দিতাৰ ইচ্ছা প্ৰকাশ কৰা সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্রী বৰুৱাই কয়, "ভাৰতীয় জনতা পাৰ্টীত টিকটৰ বাবে আবেদন বিচৰাৰ কোনো ব্যৱস্থা নাই । দলত কোন কিমান যোগ্য সেয়া বিজেপিৰ পৰ্যবেক্ষণ দলে বিচাৰ কৰিব ।" আনহাতে বৰপেটা লোকসভা সমষ্টি মিত্ৰ দল অসম গণ পৰিষদক এৰি দিয়া সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়ায় মন্ত্রীগৰাকীয়ে ।

সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে অহা 16 নৱেম্বৰত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় পুনৰ নিৰ্মাণৰ পিছত আনুষ্ঠানিকভাবে মুকলি কৰা হ’ব বুলিও সদৰী কৰে । নতুনকৈ নিৰ্মাণ কৰা চিকিৎসালয়খন মুঠ 50 খন বিচনাযুক্ত হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে । সংবাদমেলখনত বিজেপি দলক কটাক্ষ কৰি কেতবোৰ মন্তব্য আগবঢ়ায় নলবাৰীৰ বিধায়কগৰাকীয়ে ৷

সংবাদমেল অনুষ্ঠিত হোৱাৰ পূৰ্বে নলবাৰী জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত সাংগঠনিক সভাত অংশ লৈছিল ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু অন্যান্য দলীয় কৰ্ম-কৰ্তাসকলে ৷

লগতে পঢ়ক: Ajmal throws Salang Chadar at public rally: চেলেং চাদৰ দলিয়াই পুনৰ অসমীয়াক অপমান সাংসদ বদৰুদ্দিন আজমলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.