ETV Bharat / state

'কা' বাতিলৰ দাবীত নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Jan 9, 2021, 5:47 PM IST

নলবাৰীত প্ৰতিবাদ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ 'কা' বাতিলৰ লগতে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী জনাইছে সংগঠনটোৱে ৷

massive-protest-in-nalbari
'কা' বাতিলৰ দাবীত নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

নলবাৰী, 9 জানুৱাৰী : শনিবাৰে নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ আহ্বান মৰ্মে নলবাৰী 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ গণেশ মন্দিৰ চ'কত নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাৰ দাবীত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদকাৰীয়ে শাসকীয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ শীঘ্ৰে প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী জনাইছে ৷ অন্যথা প্ৰতিবাদ অব্যাহত থাকিব বুলি চৰকাৰক সকিয়নী প্ৰদান কৰিছে ৷

লগতে পঢ়ক : ৰাইজৰ দলৰ অভিৱৰ্তনত উপস্থিত অখিল গগৈৰ মাতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.