ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস নলবাৰী ৰাস মহোৎসৱক

author img

By

Published : Oct 12, 2019, 4:09 AM IST

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস নলবাৰী ৰাস মহোৎসৱক

নলবাৰীত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷ নলবাৰী ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত ৷

নলবাৰী, 11 অক্টোবৰঃ নলবাৰীত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷ নলবাৰী ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত ৷ বৈঠকত বৰুৱাই কয় যে নলবাৰী আৰু মাজুলী ৰাস মহোৎসৱক পৰ্যটকৰ আকৰ্ষণৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা ইতিমধ্যেই গ্ৰহণ কৰা হৈছে ৷ নতুন দিল্লী আৰু কলকাতা বিমানবন্দৰত এই দুখন ঠাইৰ ৰাস মহোৎসৱৰ বিষয়ে ব্যাপক প্ৰচাৰৰ উদ্দেশ্যে হৰ্ডিং লগোৱা হৈছে ৷ ইয়াৰ উপৰিও ৰেডিঅ' আৰু টেলিভিছনৰ যোগেদিও ইয়াক প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে বুলি তেখেতে উল্লেখ কৰে ৷ লগতে তেওঁ জানিবলৈ দিয়ে যে মাজুলীৰ জীৱন্ত ৰাসৰ দৃশ্যাৱলী নলবাৰী ৰাস মহোৎসৱত ভক্তৰ মাদকতা বৃদ্ধিৰ বাবে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব ৷ এই বৈঠকত জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী স্থানীয় বিধায়ক অশোক শৰ্মা, নলবাৰী হৰিমন্দিৰৰ কাৰ্য্যকৰ্তাৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস নলবাৰী ৰাস মহোৎসৱক
Intro:আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নলবাৰী ৰাস মহোৎসৱত প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰয়াস নলবাৰী ৰাস মহোৎসৱক পৰ্যটন নিগমৰ।
নলবাৰীত উপাযুক্ত কাৰ্য্যলয়ত গুৰুত্বপূৰ্ণ বৈঠক ।
Body:
আগন্তুক নলবাৰী ৰাস মহোৎসৱৰ লগতে মাজুলীৰ ৰাস মহোৎসৱকো অসম পৰ্যটন উন্নয়ন নিগমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিছে।আজি নলবাৰী উপাযুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত হোৱা এখন বিশেষ সভাত অংশ লয় অসম পৰ্যটন আৰু উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই এই কথা ঘোষণা কৰে।বৰুৱাই কয় যে নলবাৰী আৰু মাজুলী ৰাস মহোৎসৱক পৰ্যটকৰ আকৰ্ষণৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।নতুন দিল্লী আৰু কলকাতা বিমানবন্দৰটো এই দুখন ঠাইৰ ৰাস মহোৎসৱৰ বিষয়ে ব্যাপক প্ৰচাৰ আৰু হৰ্ডিংঙ লগোৱা হৈছে ইয়াৰ উপৰিও ৰেডিও আৰু টেলিভিছনতো প্ৰমোচন এক্টিভিটি দিয়া হৈছে।বৰুৱাই লগতে জানিবলৈ দিয়ে য়ে মাজুলীৰ জীৱন্ত ৰাসৰ দৃশ্যাবলী নলবাৰী ৰাস মহোৎসৱত ভক্তৰ মাদকতাৰ বাবে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব।এই বৈঠকত জিলা উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী স্থানীয় বিধায়ক অশোক শৰ্মা, নলবাৰী হৰিমন্দিৰৰ কাৰ্য্যকতাৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে।Conclusion:কৈলাস ডেকা, নলবাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.