ETV Bharat / state

Hindu family donates land for Mosque: নলবাৰীত সম্প্ৰীতিৰ এক অনন্য নিৰ্দশন দাঙি ধৰিলে এটি হিন্দু পৰিয়ালে

author img

By

Published : Jan 30, 2023, 8:35 AM IST

Hindu family donated their land for a mosque in Nalbari
হিন্দু পৰিয়ালে মছজিদৰ বাবে দান দিলে নিজৰ ভূমি

শংকৰ আজানৰ মিলনভূমিত একাংশই সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱাৰ চেষ্টা চলাই থকাৰ সময়তে হিন্দু ধৰ্মাৱলম্বী এটি দম্পত্তিয়ে দেখুৱালে সম্প্ৰীতিৰ এক অনন্য নিৰ্দশন (Unique example of harmony) ৷ মছজিদৰ বাবে দান দিলে নিজৰ ভূমি (Hindu family donates land for Mosque)।

হিন্দু পৰিয়ালে মছজিদৰ বাবে দান দিলে নিজৰ ভূমি

নলবাৰী, 30 জানুৱাৰী: "ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আমাক মিঞা মুছলমানৰ ভোট নালাগে ৷ কিন্তু আকৌ তেওঁ কৈছে যে আমি মিঞা মুছলমানৰ লগত আছোঁ ৷ এইবিলাক কেনেকুৱা কথা ? গতিকে আমাক ৰাজনীতি নালাগে ৷ আমাক লাগে সমন্বয় ৷ আমাক লাগে মিলা প্ৰীতি ৷ " এয়া আমাৰ ভাষ্য নহয়, এয়া হৈছে আমাৰ সমাজত সম্প্ৰীতিৰ এক অনন্য নিৰ্দশন দাঙি ধৰা এগৰাকী বিশেষ ব্যক্তিৰ ভাষ্য ৷ ব্যক্তিগৰাকীয়ে এনে কি সম্প্ৰীতিৰ নিৰ্দশন দাঙি ধৰিছে, সেয়া জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

ভাৰত এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ যদিও বৰ্তমান দেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ধর্মৰ নামত ৰাজনীতিকৰণ ৷ ধৰ্মৰ নামত নেতাসকলে কৰা ৰাজনীতিয়ে এক প্ৰকাৰে বিষবাষ্প ৰূপে ছানি ধৰিছে সমাজত ৷ কিন্তু এই হিন্দু মুছলমানৰ নামত বিভেদ সৃষ্টি কৰা ৰাজনীতি এতিয়াও সোমাব পৰা নাই বহু ঠাইত ৷ তাৰেই এক উদাহৰণ দেখা গ’ল অসমৰ নলবাৰী জিলাত ৷ ৰাজনৈতিক বিষবাষ্পৰ কৱলৰ পৰা আঁতৰত থকা নলবাৰী জিলাৰ এখন গাঁও ৷ নাম বাহজানীৰ পূৱকালাকুছি (Hindu family Donates Land for Mosque) ৷

হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি যিটো সময়ত একাংশ লোকে নিজৰ মুনাফা লাভৰ চেষ্টা চলাই গৈছে, সেই একেই সময়তে নলবাৰীৰ বাহজানীৰ পূৱকালাকুছিত হিন্দু ধৰ্মাৱলম্বী পতি-পত্নীয়ে দেখুৱালে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন । নলবাৰী জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত পূৱ কালাকুছি গাঁৱত দেওবাৰে হিন্দু সম্প্ৰদায়ৰ একেখন গাঁৱৰে ৰাজেন্দ্ৰ ডেকা আৰু অঞ্জলি ডেকাই মছজিদ নিৰ্মাণ কৰিবলৈ দান কৰিলে ১ কঠা ৯ লেচা মাটি ৷ গাঁৱৰ মুছলমান সম্প্ৰদায়ৰ লোকৰ সমাজক সাক্ষী কৰি ভূমি দান দি দেখুৱালে মহানুভৱতাৰ পৰিচয় ৷

ৰাজেন্দ্ৰ ডেকা আৰু অঞ্জলী ডেকাৰ এনে নিদৰ্শনক গাঁওখনৰ মুছলমান সমাজে কৃতজ্ঞতাৰ সলাগ লয় আৰু লগতে মছজিদৰ বাবে আগবঢ়োৱা ভূমি ৰাজহুৱা সাক্ষী চহীৰে চমজি লয় । অসমত বাস কৰা হিন্দু-মুছলমানৰ মাজত থকা সাতামপুৰুষীয়া ঐক্য-সংহতি আৰু সম্প্ৰীতিৰ এনাজৰীডাল যে এতিয়াও মজবুত হৈ আছে, সেই কথাকেই পুনৰ এবাৰ প্ৰমাণিত কৰিলে ৰাজেন্দ্ৰ ডেকা আৰু অঞ্জলী ডেকাই ৷

দেওবাৰে গাঁওখনৰে কেইবাশতাধিক লোকৰ উপস্থিতিত মছজিদটোৰ লাইখুঁটা আনুষ্ঠানিকভাৱে স্থাপন কৰে (Donates land for a mosque in Nalbari) ৷ লাইখুঁটা স্থাপনৰ এই শুভ কাৰ্যটি সম্পন্ন কৰে শ্বেখ আলহাজ মৌলানা চায়েদুৰ ৰহমানে ৷ ইয়াৰ পূৰ্বে আবেদউল্লাৰ সভাপতিত্বত এখন সভাও অনুষ্ঠিত হয় ৷

সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰূপৰেখা ডেকা, ৰিজু ডেকা, নিবেদিতা ডেকা, চাদেক আলী, মিৰ হুচেইন, ৰফিকুল ইচলাম, আব্দুল নাচেৰ, ৰুকুনদ্দিন আহমেদ, কৰিমুদ্দিন আহমেদ, অনিল বৈশ্যকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল ৷ ইয়াৰ ওপৰিও উপস্থিত থাকে স্থানীয় জ্যেষ্ঠ নাগৰিক হাচান আলী, মচলিম আলী, ভইনুৰ আলী, দমচেদ আলী, আকবৰ আলী, আফাজুদ্দিন আলী, জাফাৰ আলী, মইজুদ্দিন আলীকে ধৰি স্থানীয় ৰাইজ, মছজিদ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া ৷

লাইখুঁটা স্থাপনৰ লগত সংগতি ৰাখি আয়োজিত সভাখনত ভূমি দাতা ৰাজেন্দ্ৰ ডেকাই কয় যে, ’’আমাক ৰাজনীতি নালাগে ৷ আমাক কেৱল লাগে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ’’ ৷ লগতে ধৰ্মৰ নামত ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনায় ভূমি দাতাগৰাকীয়ে ৷ সভাৰ শেষত শ্বেখ আলহাজ মৌলানা চায়েদুৰ ৰহমানে বিশ্ববাসীৰ মংগলৰ হকে আৰু সমাজত সম্প্ৰীতিৰ এনাজৰীডাল অটুট থকাৰ বাবে সকলোৱে সমূহীয়া দোৱা কৰে ৷

লগতে পঢ়ক: Nagaon child against intolerance: নগাঁৱত সম্প্ৰীতিৰ নিদৰ্শন এজাক শিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.