Nagaon child against intolerance: নগাঁৱত সম্প্ৰীতিৰ নিদৰ্শন এজাক শিশুৰ

author img

By

Published : Jan 24, 2023, 2:15 PM IST

Nagaon child against intolerance

গুৰুজনাৰ সংস্কৃতিত নাই কোনো ভেদ-ভাৱ । হিন্দু-মুছলমান সকলোৱে মিলি জীয়াই ৰাখিব গুৰুজনাৰ সংস্কৃতি (Hindu Muslims will keep culture of Gurujona alive together) । নগাঁৱত সম্প্ৰীতিৰ নিদৰ্শন এজাক শিশুৰ ।

শিশুৱে মিলি নগাঁও চহৰত মঞ্চস্থ কৰিলে অংকীয়া নাট

নগাঁও, 24 জানুৱাৰী: শংকৰ আজানৰ মিলনভূমিত একাংশই সাম্প্ৰদায়িকতাৰ বিষভাস্প বিয়পোৱাৰ চেষ্টা চলোৱাৰ সময়তে এজাক শিশুৱে দেখুৱালে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন । তাহানিতে গুৰুজনাই এক কৰি থৈ যোৱা অসমৰ সমাজত এতিয়া যেন সাম্প্ৰদায়িকতাৰ ঘুণে ধৰিছে । তথাপিও গুৰুজনাৰ কৃষ্টি-সংস্কৃতিৰ মাজৰেই এতিয়াও সমাজৰ ভেদ-ভাৱ নাইকীয়া কৰাৰ প্ৰচেষ্টাত অৱতীৰ্ণ হৈছে নগাঁৱৰ এজাক কণমানি শিশু (Hindu Muslims will keep culture of Gurujona alive together)।

সেয়ে হিন্দু-মুছলমান সকলো শিশুৱে মিলি নগাঁও চহৰত মঞ্চস্থ কৰিলে গুৰুজনাৰ অমৰ সৃষ্টি স্বৰূপ দুখনকৈ অংকীয়া নাট । নগাঁও চহৰৰ ১৪৭ নং টাউন পানীগাঁও চৰকাৰী বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে এমাহজোৰা অনুশীলনৰ অন্তত দধীচি মুনিৰ বধ আৰু বিদ্যাসুৰ বধ নামৰ ভাওনা দুখন মঞ্চস্থ কৰে (Dadhichi Muni Bhaona)। এই দুয়োখন ভাওনাতে হিন্দু-মুছলমানৰ লগতে সকলো ধৰ্মালম্বী ছাত্ৰ-ছাত্ৰীয়ে সুন্দৰ অভিনয় প্ৰদৰ্শন কৰি দৰ্শকৰ মনমোহাৰ লগতে সমাজলৈ পুনৰ একতাৰ বাৰ্তাও প্ৰেৰণ কৰে ।

বিশিষ্ট শিক্ষাবিদ তথা সত্ৰাধিকাৰ ড৹ ধৰ্মেশ্বৰ গোস্বামী, বিশিষ্ট সাহিত্যিক ড৹ উপেন বৰকটকী আৰু জ্যেষ্ঠ সাংবাদিক জিতেন বৰকটকীয়ে অনুষ্ঠানটিৰ উদ্বোধন কৰি প্ৰধান শিক্ষক তৰুণ বৰাৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰয়াসে সমাজৰ মাজত গঢ়ি উঠা অসহিষ্ণুতাৰ অৱসানৰ ক্ষেত্ৰত এক সুন্দৰ প্ৰয়াস বুলিও ব্যক্ত কৰে ৷ বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা এনে নিদৰ্শন সঁচাকৈয়ে শলাগ ল’বলগীয়া ।

লগতে পঢ়ক: Women Bhaona in Assam: হিমসনা শীতত মহিলা ভাওনাৰ আমেজ ল'লে টিংখাঙৰ ৰাইজ

উল্লেখ্য যে দধীচি প্ৰাচীন ভাৰতীয় পৌৰাণিক আখ্যানৰ এগৰাকী ঋষি আছিল । ঋষি দধীচি আত্মবলিদান আৰু আত্মোৎসৰ্গৰ বাবে প্ৰসিদ্ধ । পুৰাণ বৰ্ণিত কাহিনী অনুসৰি ঋষি দধীচিয়ে নিজৰ দেহ ত্যাগ কৰি দেৱৰাজ ইন্দ্ৰৰ অস্ত্ৰ বজ্ৰ তৈয়াৰ কৰিবলৈ সহায় কৰিছিল । স্বৰ্গ অধিকাৰ কৰি দেৱতাসকলক স্বৰ্গৰ পৰা বহিস্কৃত কৰা বৃত্ৰ নামৰ অসুৰক বধ কৰিবলৈ দেৱতাসকলক এক শক্তিশালী অস্ত্ৰৰ প্ৰয়োজন হৈছিল । সেই সময়ত ঋষি দধীচিয়ে নিজৰ দেহদান কৰি দেৱতাসকলক সহায় কৰিছিল বুলি জনা যায় ।

লগতে পঢ়ক: Baresahariya Bhaona : কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বুজ ল’লে 26 কোটি টকীয়া বাৰেচহৰীয়া ভাওনা প্ৰকল্পৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.