ETV Bharat / state

চামতাত গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক

author img

By

Published : Nov 25, 2021, 7:07 PM IST

ganja smuggler arrest at chamata
চামতাত গাঞ্জাসহ দুই সৰবৰাহকাৰী আটক

নলবাৰীৰ চামতাৰ পহলংপাৰাত বুধবাৰে এটা পৰিয়ালৰ বাসগৃহৰ পৰা 32 কিঃগ্ৰাঃ গাঞ্জা জব্দ(Ganja Seized at Chamata) কৰে আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত দুই গাঞ্জা সৰবৰাহকাৰীকো(Ganja Smuggler Arrest at Chamata) আটক কৰে ৷

নলবাৰী, 25 নৱেম্বৰ : নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam Police anti drugs operation) ৷ বুধবাৰে নলবাৰী জিলাৰ চামতাত অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰে নলবাৰী আৰক্ষীয়ে (Ganja Seized at Chamata by Nalbari Police) ৷

ইয়াৰ লগতে গাঞ্জা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত দুটা গাঞ্জা সৰবৰাহকাৰীক আটক কৰা হয়(Ganja Smuggler Arrest at Chamata) ৷ আটকাধীন সৰবৰাহকাৰী দুটা ভাই-ককাই বুলি জানিব পৰা গৈছে ৷ বেলশৰ আৰক্ষী থানা আৰু চামতা পহৰা চকীৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই চামতাৰ পহলংপাৰাৰ এটি পৰিয়ালত জব্দ কৰে 32 কিঃগ্ৰাঃ নিষিদ্ধ গাঞ্জা ।

ganja seized at chamata
চামতাত গাঞ্জা জব্দ

আটক হোৱা ভাই-ককাই দুজন ৰুবুল আলী আৰু তাৰিক আলি বুলি আৰক্ষীয়ে সদৰী কৰে । নলবাৰী থানাৰ উপ-আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ নেতৃত্বত চলিছিল এই নিচাযুক্ত বিৰোধী অভিযান ।

উল্লেখ্য যে, নিচাযুক্ত দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে জিলাই জিলাই অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ বুধবাৰে তিনিচুকীয়াত ড্ৰাগছ সৰবৰাহকাৰীক নিয়ন্ত্ৰণলৈ আনিবলৈ গুলীবৰ্ষণ কৰে আৰক্ষীয়ে । আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে দুটা ড্ৰাগছ সৰবৰাহকাৰী (drugs peddler injured in police firing) ৷

লগতে পঢ়ক : Police firing : তিনিচুকীয়াত ড্ৰাগছ সৰবাৰকাৰীলৈ আৰক্ষীৰ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.