ETV Bharat / state

Nalbari Raas mahotsav 2022: ৰাস মহোৎসৱক লৈ উখল–মাখল নলবাৰীৰ হৰিমন্দিৰৰ প্ৰাংগণ

author img

By

Published : Oct 30, 2022, 10:32 PM IST

extensive preparations for Nalbari Rakh Mahotsav 2022
Nalbari Raas mahotsav 2022: হেমা মালিনীৰ আগমনক লৈ ব্যাপক প্ৰস্তুতি নলবাৰীৰ হৰিমন্দিৰ প্ৰাংগণত

ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত ৰাস মহোৎসৱকলৈ ব্যাপক প্ৰস্তুতি । এইবেলি ৰাসত বলীউদৰ মোহময়ী অভিনেত্ৰী হেমা মালিনী অহাৰ সম্ভাৱনা (Hema malini in nalbari raas)। ৭ নবেম্বৰৰ পৰা ১৯ নবেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ’ব ৮৯ সংখ্যক ৰাস মহোৎসৱ । এইবেলি জীৱন্ত ৰাসৰ আয়োজন নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত ৰাস মহোৎসৱত(Raas preparation in Hari mandir) ।

নলবাৰী, ৩০ অক্টোবৰ: ৰাজ্যজুৰি ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি(Raas preparation in Assam) । ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ । ৮৯তম ৰাস মহোৎসৱক লৈ উখল–মাখল হৰিমন্দিৰ বাকৰি । এইবাৰ ৰাসত বলীউদৰ মোহময়ী অভিনেত্ৰী হেমা মালিনী অহাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে ।

মৃন্ময় মূৰ্তি প্ৰধান উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ নলবাৰী ৰাস মহোৎসৱৰ তুংগত প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে । ৭ নবেম্বৰৰ পৰা তেৰদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হ’ব হৰিমন্দিৰ বাকৰিত ৮৯তম ৰাস মহোৎসৱ (Raas preparation in Hari mandir)।১৯৩৩ চনত আৰম্ভ হোৱা নলবাৰী ৰাস মহোৎসৱত এইবেলি প্ৰদৰ্শন কৰা হ’ব জীৱন্ত ৰাস মহোৎসৱ, বহিঃৰাজ্য গুজৰাটকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা শিল্পীৰ দল আহি প্ৰদৰ্শন কৰিব জীৱন্ত ৰাস (89th hari mandir Raas celebration)।

ৰাস মহোৎসৱক লৈ উখল–মাখল নলবাৰীৰ হৰিমন্দিৰৰ প্ৰাংগণ

মৃন্ময় মূৰ্তি প্ৰধান ৰাস মহোৎসত ৬০টাকৈ স্থানত ৮০০ মৃন্ময় মূৰ্তিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ ৰাসলীলা উপস্থাপন কৰিব ৰাস মহোৎসৱ উদযাপন সমিতিয়ে। ইয়াৰে ভিতৰত বৈদ্যুতিক মূৰ্তিও হ’ব ৰাস মহোৎসৱৰ আকৰ্ষণ । উল্লেখযোগ্য যে দুটা বৰ্ষ কোভিডৰ ভয়াৱহতাৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা ৰাস এইবেলি বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । কিন্তু হৰিমন্দিৰৰ সমীপত নিৰ্মীয়মাণ অৱস্থাত থকা উৰণীয়া সেতুৰ বাবে ৰাস মহোৎসৱ উদযাপনত সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকা কৰা হৈছে(Nalbari Raas mahotsav 2022) ।

ইফালে, নলবাৰী ৰাস মহোৎসৱত এইবেলি বলীউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনী অহাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে হৰিমন্দিৰৰ সম্পাদক নগেন ডেকাই(Hema malini in nalbari raas)।আনহাতে, ৰাইজৰ সেৱাত নিয়োজিত হৈ থাকিব ২০০০তকৈ অধিক স্বেচ্ছাসেৱক, নিৰাপত্তাৰ খাতিৰত চিচিটিভি কেমেৰা সংস্থাপন কৰা হ’ব । নামনি অসমৰ অন্যতম সাংস্কৃতিক প্ৰাণকেন্দ্ৰ নলবাৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ উপলক্ষে অসমৰ আগশাৰীৰ ৭খনকৈ ভ্ৰাম্যমাণ নাট্যদলে নাট প্ৰদৰ্শন কৰিব । লগতে মনোৰঞ্জন বাবে থাকিব মিনা বজাৰকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ।

লগতে এইবাৰৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱত গ্ৰন্থ প্ৰেমীসকলৰ বাবেও থাকিব গ্ৰন্থ মেলাৰ ব্যৱস্থা । প্ৰায় ৮০ লাখ টকা বাজেট নিৰ্ধাৰণ কৰা নলবাৰী হৰিমন্দিৰৰ নলবাৰী ৰাস মহোৎসৱৰ এতিয়া ব্যাপক প্ৰস্তুতি চলিছে হৰিমন্দিৰৰ বাকৰিত।

লগতে পঢ়ক: Life struggle of an old man : স্বাস্থ্যমন্ত্ৰীৰ আশাতেই বন্দী ভাৱৰীয়া ক্ষীৰ নাথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.