ETV Bharat / state

Flood in Nalbari: নলবাৰীত বান সাহাৰ্য শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 21, 2022, 10:09 PM IST

Flood in Nalbari
নলবাৰীত বান সাহাৰ্য শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নলবাৰীত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । জিলাখনৰ দেহৰকুছি, বৰভাগ কলেজ আৰু নমাটিৰ বান শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

নলবাৰী, ২১ জুন: নলবাৰীৰ দেহৰকুছি, বৰভাগ আৰু নমাটিত বান পৰিদৰ্শন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma in Nalbari)। প্ৰথমে দেহৰকুছি বান পৰিস্থিতিৰ বুজ লৈ পোনেপোনে বৰভাগ কলেজত স্থাপিত আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বৰভাগ মহাবিদ্যালয়ৰ আশ্ৰয় শিৱিৰত বন্যাৰ্তৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (Flood relief camp in Nalbari)। বানত ককবকাই থকা নলবাৰীৰ বৰভাগ, দেহৰকুছি আৰু নমাটিৰ বান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । নলবাৰী আৰু কামৰূপ জিলাৰ বিভিন্ন ঠাইত মঙলবাৰে বান পৰিস্থিতি বুজ লৈ বিয়লি বৰভাগ মহাবিদ্যালয়ত আশ্ৰয় লৈ থকা বানাক্ৰান্তসকলৰ খবৰ লয় মুখ্য মন্ত্ৰীগৰাকীয়ে ।

নলবাৰীত বান সাহাৰ্য শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উল্লেখযোগ্য যে, নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগ অঞ্চলৰ বহুকেইখন গাঁৱৰ বাসিন্দাসকল বিগত সাত দিন ধৰি ভয়ংকৰ বানৰ কবলত পৰি দুৰ্ভোগ ভুগি আছে । বান পৰিদৰ্শন কৰি আগন্তুক চাৰি-পাঁচ দিনৰ ভিতৰত স্বাভাৱিক অৱস্থা ঘূৰি আহিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আনহাতে বৰভাগত থকা শ্লুইছ গেটখন(Barbhag Sluice gate) আগন্তুক সাত মাহৰ ভিতৰত সম্পূৰ্ণ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

লগতে পঢ়ক: Assam Flood 2022: দ্বিতীয়টো বানত 20 সহস্ৰাধিক হেক্টৰ কৃষিভূমি বিনষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.