ETV Bharat / state

AGP criticized AJP; অসম জাতীয় পৰিষদে অগপ দলক ক্ষতি কৰিব নোৱাৰে : জিতু বৰগোঁহাই

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 7:44 AM IST

AGP Executive Meeting held in Nalbari
নলবাৰীত AGP বৰক্ষেত্ৰী সমিতিৰ কাৰ্যনিৰ্বাহক সভা

নলবাৰীৰ আদাবাৰীত আয়োজন অসম গণ পৰিষদৰ বৰক্ষেত্ৰী সমিতিৰ কাৰ্যনিৰ্বাহক সভা । এই সভাতে অসম জাতীয় পৰিষদক কঠোৰ সমালোচনা কৰে অগপৰ যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহায়ে । লগতে অজাপ অগপৰ এটা ডুপ্লিকেট পাৰ্টী বুলি কটাক্ষ কৰে জিতু বৰগোঁহায়ে ।

নলবাৰীত AGP বৰক্ষেত্ৰী সমিতিৰ কাৰ্যনিৰ্বাহক সভা

নলবাৰী, 9 অক্টোবৰ : দেওবাৰে নলবাৰীৰ আদাবাৰীত অসম গণ পৰিষদৰ বৰক্ষেত্ৰী সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় । বৰক্ষেত্ৰী সমষ্টিত অগপৰ ভেঁটি শক্তিশালী কৰি আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত অগপ দলে শক্তিশালীভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ সেই উদ্দেশ্যে উক্ত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয় ।

অগপ দলৰ নেতা জাহিৰ আলম চৌধুৰীয়ে আঁতধৰা সভাখনত সঞ্চালনা কৰে খগেন মেধীয়ে ৷ এই কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ক্ৰমে আক্ৰাম হুছেইন আৰু ৰঞ্জিত ডেকা, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিলীপ দাস, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাইকে ধৰি অঞ্চলটোৰ অগপৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকল ।

855 জন শ্বহীদৰ আত্মবলিদানত গঠিত আঞ্চলিক দল অগপৰ ভেঁটি আৰু অধিক শক্তিশালী কৰিব লাগিব বুলি বুলি কয় অগপ দলৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসে । সভাখনত উপস্থিত থকা অগপ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোঁহাইক আগন্তুক লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ তৃণমূল কৰ্মীসকলে দলীয় নেতৃত্বক দাবী কৰিছে বুলি জানিবলৈ দিয়ে ।

আনহাতে, সভাৰ অন্তত সাংবাদিকৰ সৈতে বাৰ্তালাপত অসম জাতীয় পৰিষদ দলক কঠোৰ সমালোচনা কৰে যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহায়ে । তেওঁ কয়, ‘‘অসম জাতীয় পৰিষদ দলটো অগপ দলৰ ডুপ্লিকেট পাৰ্টী । অসম জাতীয় পৰিষদত থকা বহুকেইগৰাকী নেতাই দল সলনি কৰি থাকে’’ ৷

তেওঁ আৰু কয়, ‘‘অজাপৰ দুলু আহমেদৰ গাৰ পৰা এতিয়াও কংগ্ৰেছী-কংগ্ৰেছী গোন্ধটো যোৱাই নাই ৷ ইফালে একেটা দলৰে পবিন্দ্ৰ ডেকায়ো বৰ্তমান পৰ্যন্ত 5 টা মান দল সলালে ৷ জগদীশ ভূঞাও একেই ৷ এদিন AGP, এদিন কংগ্ৰেছ, এদিন BJP আৰু এতিয়া AJP কৰিছে ৷ গতিকে অসম জাতীয় পৰিষদে অগপ দলক ক্ষতি কৰিব নোৱাৰে’’ ৷

লগতে পঢ়ক: Ek Asom Yatra: ধুবুৰীত আৰম্ভ হৈ শদিয়াত শেষ অসম জাতীয় পৰিষদৰ প্ৰথম পৰ্যায়ৰ এক অসম যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.