ETV Bharat / state

Ek Asom Yatra: ধুবুৰীত আৰম্ভ হৈ শদিয়াত শেষ অসম জাতীয় পৰিষদৰ প্ৰথম পৰ্যায়ৰ এক অসম যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 10:43 PM IST

শদিয়াৰ চপাখোৱাত দেওবাৰে অন্ত পৰে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাৰ ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এক অসম যাত্ৰাৰ লক্ষ্য, উদ্দেশ্যৰ বিষয়ে ভাষণ প্ৰসংগণত উল্লেখ কৰাৰ লগতে শাসনাধিষ্ঠিত চৰকাৰ আৰু বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

Ek Asom Yatra
এক অসম যাত্ৰা

অসম জাতীয় পৰিষদৰ প্ৰথম পৰ্যায়ৰ এক অসম যাত্ৰাৰ সামৰণি

তিনিচুকীয়া, ৮ অক্টোবৰ : তিনিচুকীয়া জিলাৰ শদিয়াৰ চপাখোৱাত দেওবাৰে 18 নম্বৰ দিনটোত অন্ত পৰে অসম জাতীয় পৰিষদৰ “এক অসম যাত্ৰা”ৰ ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ সহস্ৰাধিক নেতা-কৰ্মীয়ে এক বিশাল কনভয়ৰে দেওবাৰে বিয়লি অসমৰ পূৱ প্ৰান্তৰ শদিয়াত আহি উপস্থিত হয় ৷

প্ৰথমে শদিয়াৰ পুৰণি লক্ষীমপুৰীয়াস্থিত ঐতিহাসিক শ্ৰী শ্ৰী বৈৰাগী বাবা থানত আশীষ লয় জাতীয় পৰিষদৰ দুয়োগৰাকী নেতাই ৷ ইয়াৰ পিছতে শদিয়াৰ মোগলপুৰস্থিত মহকুমাটোৰ আটাইতকৈ পুৰণি মছজিদ দৰ্শন কৰে ৷ ইয়াৰ পিছতে শদিয়া মহকুমাৰ সদৰ চপাখোৱাত উপস্থিত হোৱাৰ লগে লগে কেইবা সহস্ৰাধিক ৰাইজে দলটোক আদৰণি জনাই চপাখোৱা চহৰত প্ৰায় দুই কিল’মিটাৰ পথ সমদল কৰে ৷

ইয়াৰ পিছতে চপাখোৱাৰ ৰুক্মিণী উদ্যানস্থিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু ৰাজহুৱা খেলপথাৰত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জনায় ৷ ইয়াৰ পিছতে চপাখোৱা ৰাজহুৱা খেলপথাৰত এখন বিশাল সভা অনুষ্ঠিত হয় আৰু ধুবুৰীৰ পৰা আৰম্ভ কৰা “এক অসম যাত্ৰাৰ” প্ৰথম পৰ্যায়ৰ সামৰণি পৰে ৷ এই সভাত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷

সভাত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এক অসম যাত্ৰাৰ লক্ষ্য, উদ্দেশ্যৰ বিষয়ে ভাষণ প্ৰসংগণত উল্লেখ কৰাৰ লগতে শাসনাধিষ্ঠিত চৰকাৰ আৰু বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ সমান্তৰালভাৱে শাসকীয় দলটোৱে আগন্তুক 24 আৰু 26 চনত তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি নচলিব বুলি সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে চাকৰি কেলেংকাৰী, চিলিং মাটি অধিগ্ৰহণকে আদি কৰি বিভিন্ন দুৰ্নীতিৰ বহিঃপ্ৰকাশ অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাত ঘটিছে বুলি মন্তব্য কৰে ৷

সমান্তৰালভাৱে সাধাৰণ সম্পাদক জগদীশ ভূঞাই অসমত হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰীকা আৰু জয়ন্ত মল্ল বৰুৱাৰ প্ৰাইভেট কোম্পানী চলি আছে, কোনো চৰকাৰ চলা নাই বুলি সৰৱ হৈ পৰে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : Amrit Kalash Yatra: অমৃত কলহে কংগ্ৰেছত লগালে কলহ; ভূপেন বৰালৈ মন্ত্ৰী পীযুষৰ চিঠি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.