ETV Bharat / state

Family calsh : কনিষ্ঠ ভাতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আহত জ‍্যেষ্ঠ ভাতৃ

author img

By

Published : Apr 8, 2023, 1:30 PM IST

Updated : Apr 8, 2023, 2:03 PM IST

younger brother brutally beat the older brother
দুই ভাতৃৰ সংঘাত

কলিয়াবৰত পুৱতি নিশা দুই ভাতৃৰ সংঘাত ৷ কনিষ্ঠ ভাতৃৰ প্ৰহাৰত ধৰাশায়ী সুৰাপায়ী জ‍্যেষ্ঠ ভাতৃ ৷ ঘটনাস্থলীত উপস্থিতত হোৱা আৰক্ষীকো আক্ৰমণ (younger brother brutally beat the older brother)৷

দুই ভাতৃৰ সংঘাত

নগাঁও, 8 এপ্ৰিল : ৰাজ্যত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে হত্যা-হিংসাৰ ঘটনা ৷ প্ৰতিদিনেই নৃশংসতকৈও নৃশংস ঘটনাই দখল কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ শিৰোনাম ৷ এইবাৰ নগাওঁ জিলাৰ কলিয়াবৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (younger brother brutally beat the older brother) ৷

শনিবাৰৰ পুৱতি নিশা সংঘটিত হয় নৃশংস ঘটনাটো । সুৰাপান কৰাৰ বাবেই কনিষ্ঠ ভাতৃয়ে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে জ্যেষ্ঠ ভাতৃক ৷ স্থানীয় লোকে জানিবলৈ দিয়া মতে, জ্যেষ্ঠ ভাতৃয়ে মদ্যপান কৰি ঘৰত কাজিয়া-পেচাল কৰি সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতিৰ ৷ এই কথাতে বিতুষ্ট হৈ অৰ্থাৎ ঘৰত কাজিয়া কৰাৰ বাবেই নিজ ভাতৃক অতি গুৰুতৰভাৱে আঘাত কৰে জ্যেষ্ঠ ভাতৃয়ে ।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিচতে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰে যদিও নিজ ভাতৃক আঘাত কৰা লোকজনে আৰক্ষীকো কাপোৰ ফালি অপদস্ত কৰাৰ অভিযোগ তোলে আৰক্ষীয়ে । ঘটনাটো কলিয়াবৰৰ জমখলা গাঁৱত সংঘটিত হৈছে ৷ মিন্টু বৰা নামৰ যুৱকজনে নিজৰেই জ‍্যেষ্ঠ ভাতৃ গুণমণি বৰাক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি পুৱতি নিশা পথত পেলাই থয় (Younger brother beats older brother at Kaliabor)।

স্থানীয় লোকৰ পৰা খবৰ পোৱাৰ পাচতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত গুণমণি বৰাক জখলাবন্ধা মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে । একে সময়তে ঘটনা সংঘটিত কৰা মিন্টু বৰাক বিচাৰি তেওঁৰ ঘৰলৈ যোৱাৰ পাচতেই মিন্টু বৰাই আৰক্ষীক বাধা প্ৰদান কৰাৰ চেষ্টা কৰে আৰু এগৰাকী কনিষ্টবলৰ চোলা টানি ফালি দিয়াৰ লগতে আন এজনক আহত কৰে বুলি আৰক্ষীৰ লোকে জানিবলৈ দিয়ে (Police Assaulted at Kaliabor) ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মিন্টু বৰাক আটক কৰে । আনহাতে গুৰুতৰভাৱে আহত গুণমনি বৰাক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে (Tezpur medical college and Hospital) ।

লগতে পঢ়ক : CJI comments on humanity : আইনত থাকিব লাগে মানৱতাৰ স্পৰ্শ: মুখ্য ন্যায়াধীশ

Last Updated :Apr 8, 2023, 2:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.