ETV Bharat / state

Self help group at Kaliabor: কলিয়াবৰত আত্মসহায়ক গোটৰ ধন লৈ উধাও সভানেত্ৰী

author img

By

Published : Jul 13, 2023, 2:22 PM IST

Self help group at Kaliabor
নজানত আত্মসহায়ক গোট

কলিয়াবৰৰ কুঠৰীৰ পৰা আত্মসহায়ক গোটৰ ধন লৈ উধাও সভানেত্ৰীৰ । এই মহিলাগৰাকীৰ সন্ধান দিওতাক পাঁচ হেজাৰ টকা পুৰস্কাৰ ঘোষণা ।

কলিয়াবৰত আত্মসহায়ক গোটৰ ধন লৈ উধাও সভানেত্ৰী

কলিয়াবৰ, ১৩ জুলাই: নগাঁও জিলাৰ কলিয়াবৰৰ কুঠৰীৰ পৰা আত্মসহায়ক গোটৰ ধন লৈ উধাও হৈছে এগৰাকী মহিলা । জিলাখনৰ কুঠৰীৰ পৰা আত্মসহায়ক গোটৰ ধন লৈ উধাও হোৱা মহিলাগৰাকী হৈছে সভানেত্ৰী মাচুমা বেগম । ধন লৈ উধাও হোৱা মাচুমা বেগমৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে পৰা আত্মসহায়ক গোটৰ সদস্য়সকলে ।

কলিয়াবৰৰ কুঠৰী নজানত আত্মসহায়ক গোটৰ পৰা ধন লৈ অবৈধ প্ৰেমিকৰ সৈতে পলায়ন কৰিছে আত্মসহায়ক গোটৰ সভানেত্ৰীগৰাকীয়ে । নজানৰ মাছুমা বেগমৰ কৰ্মকাণ্ডই লজ্জানত কৰিছে আত্মসহায়ক গোটৰ সদস্য়সকলক । এই গোটটোৰ আন ১২ গৰাকীকৈ মহিলাক একপ্ৰকাৰ প্ৰতাৰণা কৰি দুই সন্তানৰ মাতৃ মাছুমা বেগমৰ বিৰুদ্ধে প্ৰেমিকৰ সৈতে পলায়ন কৰাৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক:Nimati Majuli Ferry Service: অনিৰ্দিষ্ট কালৰ বাবে বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা; ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি মৃত্যু বৃদ্ধৰ

নজানত আত্মসহায়ক গোটৰ পৰা এক লাখ পঞ্চাশ হাজাৰ টকা লৈ পলায়ন কৰা মহিলাগৰাকীৰ বিৰুদ্ধে বাগৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে গোটৰ মহিলা সদস্যসকলে । উল্লেখযোগ‍্য যে বিবাহিত মহিলাগৰাকীয়ে এনেকৈ গোটৰ পৰা ধন লৈ পলায়ন কৰাত এতিয়া মূৰত সৰগ ভাঙি পৰিছে গোটৰ অন্য সদস্যসকলৰ । বিপদত পৰি কান্দোনত ভাগি পৰিছে গোটৰ মহিলাসকল ।

তেওঁলোকৰ দাবী যিকোনো প্ৰকাৰে ওভতাই লাগে গোটৰ পৰা লোৱা ধন । অন্যথা ভয়ংকৰ বিপদত পৰিব মহিলাসকল । কিয়নো তেওঁলোকে বেংকক সময়মতে ধন ওভতাই দিবই লাগিব । বাগৰি আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে মহিলাসকলে । মাছুমা বেগমৰ সন্ধান পালে ৭০৮৬৪৬৪২৫৫ এই নম্বৰত খবৰ দিবলৈ অনুৰোধ জনাইছে নজান আত্মসহায়ক গোটৰ সদস্য়সকলে । এই গোটৰ মহিলাসকলে কয় যে মাচুমা বেগমে তেওঁলোকক প্ৰতাৰণা কৰি এই ধন লৈ পলায়ণ কৰিছে । এই মহিলাগৰাকীৰ সন্ধান দিওতাক পাঁচ হেজাৰ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে গোটৰ সদস্যাসকলে ।

লগতে পঢ়ক:MLA Rupak Sarmah: নিৰ্বাচন কেন্দ্ৰিক ভেল্কিবাজি আৰম্ভ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে; ৰূপক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.