ETV Bharat / state

Nimati Majuli Ferry Service: অনিৰ্দিষ্ট কালৰ বাবে বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা; ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি মৃত্যু বৃদ্ধৰ

author img

By

Published : Jul 13, 2023, 11:54 AM IST

বৃহস্পতিবাৰৰ পৰা পুনৰ বন্ধ হ’ল মাজুলী-নিমাতি ফেৰী সেৱা ৷ যাত্ৰীৰ নিৰাপত্তা আৰু ফেৰী ঘাটত ৰেম্প সমূহ ডুব যোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ৷ ইফালে উজনী মাজুলী ৰাজহ চক্ৰৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত গায়ন গাঁৱত ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি মৃত্যু মুখত পৰে এগৰাকী বৃদ্ধ ৷

Nimati Majuli Ferry Service Suspended
বন্ধ হ’ল মাজুলী-নিমাতি ফেৰী সেৱা

অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা

মাজুলী, 13 জুলাই : পুনৰ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে মাজুলী-নিমাতি ফেৰী সেৱা ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ৷

নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰৰ পৰা পুনৰ বন্ধ হ’ল মাজুলী-নিমাতি ফেৰী সেৱা ৷ ব্ৰহ্মপুত্ৰ নদীৰ পানী হ্ৰাস পোৱাৰ বাবে মঙলবাৰৰ পৰা ফেৰী সেৱা নিয়মিত ভাৱে চলাচল কৰিছিল ৷ কিন্তু পুনৰ ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত মাজুলী-নিমাতি ফেৰী সেৱা বন্ধ কৰিলে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ৷

যাত্ৰীৰ নিৰাপত্তা আৰু ফেৰী ঘাটত ৰেম্প সমূহ ডুব ডুব যোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ পুনৰ হ্ৰাস নোহোৱা পৰ্যন্ত বন্ধ থাকিব এই ফেৰী সেৱা ৷ অফলা নিমাতী পাৰঘাট আৰু কমলাবাৰী নিমাতী পাৰঘাট দুয়োটা ঘাটতে বন্ধ থাকিব ফেৰী সেৱা ৷

ইফালে উজনী মাজুলী ৰাজহ চক্ৰৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত গায়ন গাৱঁত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ সুঁতিত পৰি মৃত্যু মুখত পৰে এগৰাকী বৃদ্ধৰ ৷ মৃত ব্যক্তিজনৰ নাম ভোগেশ্বৰ বৰা বুলি জানিব পৰা গৈছে ৷ 85 বছৰীয়া বৃদ্ধ লোক জন পুৱাৰ ভাগত ঘৰৰ সন্মুখৰ ব্ৰহ্মপুত্ৰৰ সুঁতিত আন দিনাৰ দৰে গা ধুবলৈ যাওঁতেই বাঢ়নী পানীয়ে উটুৱাইৱাই নিয়ে ৷ বৃদ্ধ লোক জনক বহু সময় নেদেখি বিচাৰ কৰাত ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিৰ পাৰত স্থানীয় ৰাইজে দেখা পায় বৃদ্ধ লোকজনৰ গামোচা আৰু লাখুটি ৷

গামোচা আৰু লাখুটি সুঁতিৰ পাৰত দেখা পাই সুঁতিটোত গাঁৱৰ লোক সকলে বিচৰাত পানীৰ পৰা উদ্ধাৰ কৰে বৃদ্ধ লোকজনৰ মৃতদেহ ৷ বৃদ্ধ লোকজনৰ অকাল মৃত্যুত তেওঁৰ ঘৰখনৰ লগতে গাঁওখনত এতিয়া শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : Flood in Lakhimpur: অপৰিৱৰ্তিত লখিমপুৰৰ বান পৰিস্থিতি; মূষলধাৰ বৰষুণে জটিল কৰি তুলিছে পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.