ETV Bharat / state

MLA Rupak Sarmah: নিৰ্বাচন কেন্দ্ৰিক ভেল্কিবাজি আৰম্ভ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে; ৰূপক শৰ্মা

author img

By

Published : Jul 12, 2023, 9:04 PM IST

লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ যাৰ বাবে সঘনাই নগাঁও সমষ্টি ভ্ৰমণ কৰিছে সাংসদগৰাকীয়ে, লগতে লৈছে বিভিন্ন আঁচনি ৷ কিন্তু প্ৰদ্য়ুৎ বৰদলৈৰ তৎপৰতাক কটাক্ষ বিধায়ক ৰূপক শৰ্মাৰ ৷

MLA Rupak Sarmah
MLA Rupak Sarmah

সাংসদ প্ৰদ্যুৎ বৰদলৈক লৈ কি ক’লে বিধায়ক ৰূপক শৰ্মাই ?

নগাঁও, 12 জুলাই: সন্মুখত লোকসভা নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিজকে এগৰাকী সক্ৰিয় সাংসদ হিচাবে চিনাকি দিবলৈ তৎপৰ হৈ পৰিছে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ । সাংসদ হিচাপে চাৰি বছৰ অতিক্ৰম কৰাৰ পিচত সাংসদ বৰদলৈয়ে আৰম্ভ কৰিছে নগাঁৱৰ আহ্বান, নগঞা সমিধান নামৰ এক চমক সৃষ্টিকাৰী পদক্ষেপ ৷

পৰৱৰ্তী সময়ত নিয়োগ মেলাৰ বাবেও চলাইছে প্ৰস্তুতি । ইয়াৰ মাজতে সাংসদ প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিছে বিধায়ক ৰূপক শৰ্মাই । এইবাৰ ‘নগাঁৱৰ আহ্বান, প্ৰদ্যুৎ বৰদলৈৰ প্ৰস্থান’ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ ।

দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰা অনুসৰি বিলুপ্তি হ’ল গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা কলিয়াবৰ লোকসভা সমষ্টি । কলিয়াবৰ লোকসভাৰ সমষ্টিৰ নাম কৰ্তন হোৱা খচৰা প্ৰকাশ পোৱাৰ পিচতেই গৌৰৱ গগৈয়ে প্ৰদ্যুৎ বৰদলৈৰ নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনাৰ বাতৰি প্ৰথমবাৰৰ বাবে প্ৰচাৰ হৈছিল একমাত্ৰ ই টি ভি ভাৰতত ।

তাৰ পিচতেই নগাঁও লোকসভা সমষ্টিৰ বাবে ব্যাপক চৰ্চা আৰম্ভ হৈছে গৌৰৱ গগৈৰ নাম । ইয়াৰ মাজতে নিৰ্বাচনৰ পূৰ্বে নিজৰ সক্ৰিয়তা দেখুৱাবলৈ তৎপৰ হৈ পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৰাজনৈতিক ভৱিষ্যৎ সন্দৰ্ভত মন্তব্য কৰিলে নগাঁও সদৰ সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাই ।

বিগত চাৰিটা বছৰে সময় নোপোৱা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লোকসভা নিৰ্বাচনলৈ এটা বছৰো বাকী নথকা অৱস্থাত নগাঁৱৰ সমস্যাৰ সমাধান বিচাৰি ইতিমধ্যেই গ্ৰহণ কৰিছে প্ৰতিযোগিতামূলক চমক সৃষ্টিকাৰী পদক্ষেপ । ‘নগাঁৱৰ আহ্বান, নগঞা সমিধান’ নামেৰে গ্ৰহণ কৰা পদক্ষেপক বিভিন্নজনে কৰিছে সমালোচনা ।

এই সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈক কটাক্ষ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ । বিপদৰ সময়ত কাষত নোপোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈক বিচাৰি ৰাইজে পোষ্টাৰিং কৰিবলগীয়া হয় বুলি মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ । আনকি নিৰ্বাচনৰ পূৰ্বে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আৰম্ভ কৰা নগাঁৱৰ আহ্বান নগঞা সমিধানক কটাক্ষ কৰি বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য- এইবাৰ নগাঁৱৰ আহ্বান প্ৰদ্যুৎ বৰদলৈৰ প্ৰস্থান ।

এতিয়া নগঞা ৰাজনৈতিক মহলত চলিছে এটাই চর্চা, এইবাৰ সঁচাকৈয়ে নগাঁও লোকসভা সমষ্টিৰ পৰা বিদায় ল'ব লাগিব নেকি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ?

লগতে পঢ়ক: Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি আছুৰ; আয়োগলৈ কেতবোৰ সংশোধনৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.