ETV Bharat / state

হোজাইত বনৰীয়া হাতীৰ আতংক

author img

By

Published : May 23, 2020, 12:34 PM IST

Wild elephant create havoc at Hojai
হোজাইত বনৰীয়া হাতীৰ আতংক

শুকুৰবাৰে ওৰে নিশা এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলালে হোজাইৰ থেপেলাগুৰি অঞ্চলত ৷ নিশা বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে জনাঞ্চলত প্ৰৱেশ কৰি তহিলং কৰে গছ গছনিৰ লগতে খেতি পথাৰ ৷

নগাঁও, 23 মে': হোজাই জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ শুকুৰবাৰে ওৰে নিশা এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলালে হোজাইৰ থেপেলাগুৰি অঞ্চলত ৷ নিশা বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে জনাঞ্চলত প্ৰৱেশ কৰি তহিলং কৰে গছ গছনিৰ লগতে খেতি পথাৰ ৷ হাতীটোৱে সৃষ্টি কৰা আতংকময় পৰিবেশৰ বাবে ওৰে নিশা উজাগৰে কটাবলগীয়া হয় গাওঁবাসীয়ে ৷

হোজাইত বনৰীয়া হাতীৰ আতংক

আতংকিত গঞাই হাতীটো খেদিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হোৱাত অৱশেষত পুৱতি নিশা বন বিভাগৰ লোক উপস্থিত হৈ হাতীটো খেদি পঠিয়াবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি হোজাইৰ বিভিন্ন প্ৰান্তত এনেদৰে আতংকৰ সৃষ্টি কৰি আহিছে বনৰীয়া হাতীয়ে ৷

লগতে পঢ়কঃ ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 259 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.