ETV Bharat / state

Wild Elephant Attack at Kaliabor: বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৃদ্ধ

author img

By

Published : Feb 22, 2023, 12:37 PM IST

A man Injured in wild elephant attack
কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণ আঘাতপ্ৰাপ্ত এজন লোক

নিশা কলিয়াবৰৰ সোণাৰী গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণ (Wild Elephant Attack at Kaliabor) ৷ আক্ৰমণত গুৰুতৰভাৱে আহত এজন ব্যক্তি ৷ হাতীৰ আক্ৰমণত আহত ব্যক্তিজনৰ নাম তিলক ৰায় ভূঞা ।

কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণ আঘাতপ্ৰাপ্ত এজন লোক

কলিয়াবৰ, 22 ফেব্ৰুৱাৰী : নগাওঁ জিলাৰ কলিয়াবৰত মঙলবাৰে নিশা সোণাৰী গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণ ( Men elephant conflict at Kaliabor) ৷ বনৰীয়া হাতীৰ আক্ৰমণত এজন ব্যক্তি গুৰুতৰভাৱে আহত হোৱা বুলি জানিবলৈ পৰা গৈছে (Wild Elephant Attack at Kaliabor) ৷ হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত লোকজন তিলক ৰায় ভূঞা নামৰ এজন বৃদ্ধ বুলি জানিব পৰা গৈছে ।

বনৰীয়া হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত লোকজনক পৰিয়ালৰ লোকে ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে জখলাবন্ধাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ (Civil hospital at Kaliabor ) লৈ আহে যদিও জখলাবন্ধাৰ চিকিৎসকে আঘাতপ্ৰাপ্ত বৃদ্ধ লোকজনক প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ((Tezpur medical college hospital ) । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি নিশা ভাত-পানী খাই বাহিৰলৈ ওলাই আহোঁতেই বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হৈছিল বৃদ্ধজন । এই ঘটনাৰ এদিন পূৰ্বে কলিয়াবৰৰ হাতীগাঁৱৰ ১ নং লাইনত বন্যহস্তীয়ে উপদ্ৰৱ চলাই তিনিটাকৈ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে পৰিয়াল তিনিটাৰ সা-সম্পত্তি লথিয়াই ধবংস কৰে ।

A man Injured in wild elephant attack
কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণ আঘাতপ্ৰাপ্ত এজন লোক

নগাওঁ জিলাৰ কলিয়াবৰত সঘনাই ঘটিবলৈ লৈছে হাতী মানুহৰ সংঘাত ৷ কিন্তু তাৰ পিছতো স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিসকলে বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী গঞা ৰাইজে ৷ কেৱল নগাঁওয়ে নহয়, চলিত মাহটোৰ আৰম্ভণিতে ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতীৰ আক্ৰমণত কেইবাগৰাকীও সাধাৰণ লোকৰ মৃত্যু ঘটাৰ লগতে কৰ্তব্যৰত অৱস্থাতে নাৰেংগীস্থিত সেনা শিবিৰতো এগৰাকী সেনা জোৱানৰো মৃত্যু হৈছিল (Men elephant conflict in Satgaon army camp) ৷

উল্লেখ্য যে, ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত (Men elephant conflict in Assam) ৷ বিশেষকৈ বনাঞ্চলৰ সংখ্যা কমি অহাৰ ফলতেই এনে ধৰণৰ সংঘাত বৃদ্ধি পোৱা বুলি সচেতন মহলে ক’ব বিচাৰে ৷ তথাকথিত উন্নয়নৰ স্বাৰ্থত হাবি-বন-জংঘল তথা বনাঞ্চলবোৰ কাটি খাস্তাং কৰাৰ ফলত বন্য জীৱ-জন্তুবোৰৰ বাসস্থান তথা খোৱা খাদ্যৰ অভাৱত ভোগা পৰিলক্ষিত হৈছে ৷ যাৰ ফলস্বৰূপে খাদ্য তথা বাসস্থানৰ সন্ধানত জনাঞ্চললৈ ওলায় আহিব লগীয়া হৈছে হাতীকে ধৰি অন্যান্য বন্য জন্তুবোৰে ৷

এইবোৰ কাৰণতে ৰাজ্যত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে হাতী মানুহৰ সংঘাত ৷ তাৎপৰ্যপূৰ্ণভাৱে হাতী মানুহৰ সংঘাতে ৰাজ্যত এক ভয়ানক ৰূপ লোৱাৰ পিছতো গা লৰা নাই ৰাজ্যৰ বন বিভাগ তথা বিভাগীয় মন্ত্ৰীৰ ৷ হাতীৰ উপদ্ৰৱৰ ফলত ঘৰ-দুৱাৰ হেৰুওৱাৰ লগতে নিৰাপত্তাহীনতাত ভোগা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এতিয়া পাৰ কৰিব লগীয়া হৈছে বিনিদ্ৰ ৰজনী ।

লগতে পঢ়ক : Brutal murder in Jorhat: বেগত ছিন্ন মুণ্ড কঢ়িয়াই অনা অৱস্থাত আটক কৰিলে যোৰহাট আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.