ETV Bharat / state

Brutal murder in Jorhat: বেগত ছিন্ন মুণ্ড কঢ়িয়াই অনা অৱস্থাত আটক কৰিলে যোৰহাট আৰক্ষীয়ে

author img

By

Published : Feb 22, 2023, 8:59 AM IST

Updated : Feb 22, 2023, 11:03 AM IST

টীয়কৰ যাদুৱপুৰ গান্ধী গাঁওত লোমহৰ্ষক ঘটনা (Brutal murder case in Teok) ৷ বেগত ছিন্নমুণ্ড কঢ়িয়াই অনা অৱস্থাত আটক হ’ল এজন লোক ৷ ধৃত লোকজনৰ নাম ললিত গগৈ বুলি জানিবলৈ পৰা গৈছে ৷

Brutal murder case in Teok
বেগত ছিন্নমুণ্ড কঢ়িয়াই ফুৰিছে টীয়কৰ এজন লোকে

বেগত ছিন্নমুণ্ড কঢ়িয়াই ফুৰিছে টীয়কৰ এজন লোকে

টীয়ক, 22 ফেব্ৰুৱাৰী : টীয়কৰ যাদুবপুৰ গান্ধী গাঁৱত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা (Brutal murder in Teok) ৷ মঙলবাৰে নিশা অঞ্চলটোৰ এজন ব্যক্তিয়ে আন এজন‌ লোকৰ এটা কটা মুণ্ড স্কুল বেগত ভৰাই থানালৈ আনি থকা অৱস্থাত যোৰহাট জিলাৰ লাহদৈগড় আৰক্ষীয়ে আটক কৰে (Man arrested for killing another man and taking his head) ৷ নৰমুণ্ড লৈ অহা ব্যক্তিজনৰ‌ নাম লোহিত গগৈ বুলি জানিব পৰা গৈছে (Man brought the head in a bag)৷ ইতিমধ্যে ব্যক্তিজনক লাহদৈগড় আৰক্ষীয়ে আটক কৰি অধিক তথ্যৰ বাবে সোধ-পোচ অব্যাহত ৰাখিছে ৷

অৱশ্যে কি কাৰণে এই নৃশংস হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হ’বলৈ পালে, সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ তাৰোপৰি মৃত ব্যক্তিজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ যোৰহাট আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ এটা দল নিশাই ঘটনাস্থলীত উপস্থিত হৈ লোমহৰ্ষক ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীৰ সূত্ৰে অভিযুক্ত লোহিত গগৈ ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে ৷ নিশাই আৰক্ষীয়ে লোহিত গগৈৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ৷

প্ৰাৰম্ভিক তদন্তত মৃত ব্যক্তিজন লোহিত গগৈৰ বন্ধু আছিল বুলি সন্দেহ কৰা হৈছে ৷ নৃশংস ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে দুয়ো কোনো স্থানত জুৱা খেলি আহিছিল বুলি ধৃত লোহিত গগৈৰ মাতৃয়ে জানিবলৈ দিয়ে ৷ ইয়াৰ পাছত দুয়ো সুৰাপান কৰে বুলিও জানিব পৰা গৈছে ৷ তাৰ পিছতে কিবা কথাত দুয়োৰে মাজতে কাজিয়াৰ সূত্ৰপাত ঘটে আৰু পৰিনতিত লোমহৰ্ষক ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোহিত গগৈৰ বাৰীৰ পিছফালৰ পথাৰত মৃতদেহটো পৰি থকা অৱস্থাত নিশাই উদ্ধাৰ কৰে ৷ নিচাসক্ত হৈ হত্যাকাৰীয়ে এই বৰ্বৰ ঘটনাটো সংঘটিত কৰিছে বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে সকলোৱে ৷ কিন্তু আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য ৷

উল্লেখ্য যে, দুদিন পূৰ্বে পোহৰলৈ আহিছিল ৰাজ্যত সংঘটিত আন এক লোমহৰ্ষক হত্যাণ্ডৰ ঘটনা ৷ বিগত বৰ্ষৰে আগষ্টত গুৱাহাটীৰ নাৰেংগীত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো (Guwahati murder case)। স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি থৈছিল ফ্ৰীজত । তিনিদিন পাছত দুই সহযোগীৰ সৈতে মৃতদেহৰ টোপোলাবোৰ নি পেলাই দিছিল চুবুৰীয়া মেঘালয়ৰ পথৰ দাঁতিৰ দ খাৱৈত । মহানগৰ আৰক্ষীয়ে অভিযুক্ত পত্নীসহ আন দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত আটাইকে তীব্ৰ জেৰা চলাই থকাৰ লগতে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Attack on Junior Doctor in Dibrugarh: কনিষ্ঠ চিকিৎসকক নিজ ঘৰতেই হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ

Last Updated : Feb 22, 2023, 11:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.