ETV Bharat / state

ৰহাৰ কন্টেইন্টমেন্ট জ'নৰ বাবে কি কৰিছে ৰাজহ চক্ৰ বিষয়াই ?

author img

By

Published : Jun 4, 2021, 10:40 AM IST

Updated : Jun 4, 2021, 6:31 PM IST

What has the revenue circle officer done for Raha's contentment zone?
ৰহাৰ কন্টেইন্টমেন্ট জ'নৰ বাবে কি কৰিছে ৰাজহ চক্ৰ বিষয়াই ?

একাংশ লোকৰ অসাৱধানতাৰ বাবে দৈনিক আক্ৰান্ত হৈছে বহুজন, ঠায়ে ঠায়ে বৃদ্ধি পাইছে ক'ভিড মহামাৰীৰ প্ৰকোপ ৷ যাৰ ফলত ভয় আৰু শংকাত দিন কটাইছে সচেতন লোকসকল ৷ বুধবাৰে পুনৰ দুটা কন্টেইন্টমেন্ট জ'ন ঘোষণা কৰাত ৰহাত মুঠ 11 টালৈ বৃদ্ধি পাইছে কন্টেইন্টমেন্ট জ'নৰ সংখ্যা ৷

ৰহা,4 জুন : ৰাজ্যজুৰি ক'ভিড মহামাৰীৰ ত্ৰাসত ত্ৰস্তমান সাধাৰণ জনতা ৷ চৌদিশে কেৱল মৃত্যুৰ কিৰিলি ৷ একাংশ লোকৰ অসাৱধানতাৰ বাবে দৈনিক আক্ৰান্ত হৈছে বহুজন,ঠায়ে ঠায়ে বৃদ্ধি পাইছে ক'ভিড মহামাৰীৰ প্ৰকোপ ৷ যাৰ ফলত ভয় আৰু শংকাত দিন কটাইছে সচেতন লোকসকল ৷ তেনে সময়তে এক অবাঞ্ছিত ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰহাত ৷ ৰহা পৌৰসভাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহত শেহতীয়াকৈ ভয়াৱহভাৱে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত 10 টাকৈ কন্টেইন্টমেন্ট আৰু মিনি কন্টেইন্টমেন্ট জ'ন ঘোষণা কৰি 1 জুনৰ পৰা 4 জুনলৈ চাৰিদিনীয়াকৈ লকডাউন ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷

What has the revenue circle officer done for Raha's contentment zone?
ৰহাৰ কন্টেইন্টমেন্ট জ'নৰ বাবে কি কৰিছে ৰাজহ চক্ৰ বিষয়াই ?

মূলতঃ ক'ৰণাৰ গণসংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা কন্টেইন্টমেন্ট জ'নৰ আৱাসিক সকলক সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে ৰহা ৰাজহ চক্ৰ বিষয়াৰ তত্বাৱধানত বৃহস্পতিবাৰে মুঠ 183 টা পৰিয়ালক চৰকাৰীভাৱে খাদ্য-সামগ্ৰী যোগান ধৰে। ৰহা পৌৰসভাৰ গড়মাৰী,টোপাকুছিৰ মুঠ 183 টা পৰিয়ালক চাউল,দাইল,মিঠাতেল,কণী,আলু,পিয়াজ,বিস্কুত,চাহ-চেনি,চাৰ্ফ-চাবোন,মম,ধূপকে ধৰি মুঠ পোন্ধৰবিধ সামগ্ৰী বিতৰণ কৰা হয়। ইয়াৰ লগতে বাকী কন্টেইন্টমেন্ট জ'ন সমূহতো একেদৰে সামগ্ৰী সমূহ প্ৰদান কৰা হ'ব বুলি ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিছে । উল্লেখ্য যে, বুধবাৰে পুনৰ দুটা কন্টেইন্টমেন্ট জ'ন ঘোষণা কৰাত ৰহাত মুঠ 11 টালৈ বৃদ্ধি পাইছে কন্টেইন্টমেন্ট জ'নৰ সংখ্যা ৷

লগতে পঢ়ক: নামৰূপত সাজি উলিওৱা হৈছে 50 খন বিছনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰ

Last Updated :Jun 4, 2021, 6:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.