ETV Bharat / state

উত্তপ্ত ৰূপহীহাট আৰক্ষী থানাত উপস্থিত আনন্দ মিশ্ৰ

author img

By

Published : Jun 9, 2021, 11:07 PM IST

যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি ৰূপহীহাট আৰক্ষীৰ বিৰুদ্ধে অভিযোগ ৷ আৰক্ষীৰ প্ৰহাৰ সহ্য কৰিব নোৱাৰি যুৱকৰ দলে জাপ দিছিল বিলত ৷ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ঘটনাস্থলিত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্তৰ আশ্বাস ৷

what-anand-mishra-did-when-he-reached-rupahihat-police-station
ৰূপহীহাট আৰক্ষী থানাত উপস্থিত হৈ কি কৰিলে আনন্দ মিশ্ৰই

নগাঁও, 9 জুন: এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ ৰূপহীহাটত । সান্ধ্য আইনৰ মাজতে কেইজনমান যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰূপহীহাট আৰক্ষীৰ বিৰুদ্ধে । যুৱক কেইজনে ক্ৰিকেট খেলি থকাৰ সময়তে আৰক্ষী জঁপিয়াই পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । আৰক্ষীৰ প্ৰহাৰ সহ্য কৰিব নোৱাৰি যুৱকৰ দলটোৱে এখন বিলত জাপ দিছিল । সেইসময়তে ছোহাইব আখতাৰ নামৰ যুৱকজনৰ মৃত্যু হয় ।

উত্তপ্ত ৰূপহীহাট আৰক্ষী থানাত উপস্থিত আনন্দ মিশ্ৰ

যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল ৰূপহীহাটযুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই অঞ্চলটোত সৃষ্টি হয় ব্যাপক উত্তেজনাৰ । উত্তেজিত শতাধিক লোকে ৰূপহীহাট আৰক্ষী থানা ঘেৰাও কৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে । উত্তেজিত লোকে আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ ফলত এগৰাকী আৰক্ষী বিষয়া গুৰুতৰভাৱে আহত হোৱাৰ লগতে তিনিখনকৈ আৰক্ষীৰ বাহন হয় ক্ষতিগ্ৰস্ত । অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰিবলগীয়া হয় । উল্লেখ্য যে, ইতিমধ্যে বিষয়টো সন্দৰ্ভত বুজ লবলৈ নগাওঁ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ঘটনাস্থলিত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্তৰ আশ্বাস দিয়ে উত্তেজিত জনতাক ৷

লগতে পঢ়ক:ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ নলবাৰীত উপস্থিত ৰাজ্যৰ মুখ্য সচিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.