ETV Bharat / state

এইবাৰ শৌচাগাৰৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰিলে আনন্দ মিশ্ৰ বাহিনীয়ে

author img

By

Published : Aug 19, 2021, 11:27 AM IST

বুধবাৰে এক ড্ৰাগছ(Drugs) বিৰোধী অভিযান চলাই শৌচাগাৰৰ পৰা নিচাযুক্ত সামগ্ৰী জব্দ নগাঁও আৰক্ষীৰ(Nagaon POlice) ৷ ঘটনা সন্দৰ্ভত ড্ৰাগছ ব্যৱসায়ত জড়িত দুগৰাকীকৈ মহিলাকো আটক কৰে আৰক্ষীয়ে ৷ শৌচাগাৰেই নহয়, জিলাখনৰ প্ৰতিটো চুকে-কোণে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই(Anand Mishra) সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

drugs seized
ড্ৰাগছ জব্দ

নগাঁও, 19 আগষ্ট : এইবাৰ শৌচাগাৰৰ পৰা ড্ৰাগছ(Drugs) জব্দ কৰিছে নগাঁৱৰ আৰক্ষীয়ে(Nagaon Police) ৷ নগাঁৱৰ ফাঁচীৰোডত পুনৰ অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত বুধবাৰে চলা এক অভিযানত ড্ৰাগছ ব্যৱসায়ত জড়িত দুগৰাকীকৈ মহিলাক আটক কৰিবলৈ সক্ষম হয় ।

ড্ৰাগছ জব্দ

ধৃত মহিলা দুগৰাকী চাহিনা বেগম আৰু আকিজা খাতুন বুলি জানিব পৰা গৈছে । ড্ৰাগছ ব্যৱসায়ীয়ে কৌশলৰে শৌচাগাৰত লুকুৱাই ৰখা ড্ৰাগছো জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই(Anand Mishra) সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, মহিলা দুগৰাকীয়ে বুজন পৰিমাণৰ নিচাযুক্ত ঔষধ শৌচাগাৰৰ টেংকিত লুকুৱাই ৰাখিছিল ।

লগতে পঢ়ক : 5 বছৰৰ মূৰত আৰক্ষীয়ে আটক কৰিলে ব্ৰইলাৰক

আটকাধীন মহিলা দুগৰাকীয়ে লুকুৱাই থোৱা অৱস্থাৰ পৰাই বুজন পৰিমাণৰ গাঞ্জা, নিচাযুক্ত কফ চিৰাপ, নিচাযুক্ত টেবলেট আৰু এটা এয়াৰ গান উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ পূৰ্বতে আৰক্ষীয়ে উক্ত স্থানত অভিযান চলাই ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছিল যদিও পুনৰ অঞ্চলটোত ড্ৰাগছ সৰবৰাহ আৰম্ভ হোৱা বুলি আৰক্ষীয়ে সদৰী কৰে ।

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান । ইফালে গাঁওৰক্ষী বাহিনীৰ ভূমিকাক লৈও সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক গৰাকীয়ে । শৌচাগাৰেই নহয়, জিলাখনৰ প্ৰতিটো চুকে-কোণে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থাকিব এই অভিযান । মুঠৰ ওপৰত নগাঁৱক ড্ৰাগছ মুক্ত কৰাৰ সংকল্প হাতত লৈছে নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷

লগতে পঢ়ক : তিনিচুকীয়াত বৃহৎ পৰিমাণৰ চোৰাং তেল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.