ETV Bharat / state

National Karate Championship: ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত পদক অৰ্জন ৰহাৰ দুই শিশুৰ

author img

By

Published : Dec 7, 2022, 12:26 PM IST

Child shine in karate championship
ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত পদক অৰ্জন ৰহাৰ দুই শিশুৰ

ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ খেলুৱৈৰ জয়যাত্ৰা অব্যাহত । পুনৰ দুটি শিশুৱে দেশবাসীৰ ওচৰত জিলিকালে ৰাজ্যৰ নাম (Child shine in karate championship)। ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত সোণৰ আৰু ব্ৰঞ্জৰ পদক আজুৰি ৰহাৰ জ্য়োতিষ্ক, অনুৰাগে (National Karate Championship)।

ৰহা,৭ ডিচেম্বৰ: ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল ৰহাৰ দুটিকৈ শিশু(Child shine in karate championship) । ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত পদক আজুৰিলে ৰহাৰ দুই খেলুৱৈয়ে (National Karate Championship)। দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ কাৰাটে প্ৰতিযোগিতাত সোণৰ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰে ক্ৰমে জ্যোতিষ্ক হাজৰিকা আৰু অনুৰাগ কোঁৱৰে (Boys win medals at Karate Championship) ।

কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেচনৰ (Karate India Organisation) উদ্যোগত দিল্লীৰ টালকাটৰা ইনড'ৰ ষ্টেডিয়ামত ২ ডিচেম্বৰৰ ৪ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ কাৰাটে প্ৰতিযোগিতাখনি । উক্ত প্ৰতিযোগিতাত ৮ বছৰৰ ল'ৰাৰ ৩০ কেজি কাটা শাখাত জ্যোতিষ্ক হাজৰিকাই সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়(Jyotishka Hazarika wins gold medal) ।

ইফালে ১১ বছৰৰ ল'ৰাৰ ৪৫ কেজি কুমিটে শাখাত অনুৰাগ কোঁৱৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় (Anurag Konwar wins bronze medal) ।

উল্লেখ্য যে, জ্যোতিষ্ক হাজৰিকা চাপৰমুখ চেণ্ট বেচিলচ্ একাডেমীৰ তৃতীয়মান শ্ৰেণীত আৰু অনুৰাগ কোঁৱৰ ৰহাৰ প্ৰাঞ্জল মেম'ৰীয়েল একাডেমীৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ । দুয়োজন খেলুৱৈয়ে কাৰাটে প্ৰশিক্ষক যোগেশ্বৰ ডেকাৰজাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । দুয়োগৰাকী খেলুৱৈৰ এই সাফল্যত উৎফুল্লিত হৈ উঠিছে ৰহাবাসী ।

লগতে পঢ়ক: Ankuran Dutta new director of Indian Cultural Centre: শ্ৰীলংকাত ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ নতুন সঞ্চালক ৰূপে নিযুক্ত অংকুৰণ দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.