ETV Bharat / state

Timber seized: বহিঃৰাজ্যৰ পৰা অবৈধভাৱে সৰবৰাহ হৈছে মূল্যবান কাঠ; নিৰ্বিকাৰ বন বিভাগ

author img

By

Published : Apr 22, 2023, 7:11 AM IST

Etv Bharat
Etv Bharat

কলিয়াবৰত কাঠ ভৰ্তি ট্ৰাক জব্দ ৷ নথিতকৈ বহু অধিক কাঠ সৰবৰাহৰ সন্দেহ, ৰহস্যজনক স্থিতি বন বিভাগৰ (Illegal Timber Seized at Kaliabor) ৷

কলিয়াবৰত কাঠ ভৰ্তি ট্ৰাক জব্দ

কলিয়াবৰ, 22 এপ্ৰিল : বহিঃৰাজ‍্যৰ পৰা অবৈধভাৱে সৰবৰাহ হৈ আছে কাঠ । আৰক্ষী, বন বিভাগৰে গোপন বুজাবুজিৰে ভুৱা নথিৰে ৰাজ্যলৈ লৈ অনা হৈছে মূল‍্যবান কাঠ । শুকুৰবাৰে কলিয়াবৰত অবৈধভাৱে সৰবৰাহ কৰা এখন কাঠ ভৰ্তি ট্ৰাক জব্দ (Truck loaded with smuggled timber seized in Nagaon)।

জানিব পৰা মতে, কলিয়াবৰ আৰক্ষীয়ে নিয়মীয়া তালাচী চলাবৰ বাবে ৰখাইছিল ট্ৰাকখন ৷ আৰক্ষীয়ে ট্ৰাকখনৰ ভিতৰত কাঠ ভৰ্তি দেখা পাই খবৰ দিয়ে বন বিভাগক । কিন্তু আৰক্ষীয়ে খবৰ দিয়াৰ ১০ ঘন্টাৰ পাচটো ঘটনাস্থলীত উপস্থিত নহ’ল বন বিভাগ । নথি অনুসৰি, অৰুণাচলৰ নামচাইৰ পৰা মঙলদৈ বামুণপাৰাৰ মেচাৰ্চ গনেশ ফৰেষ্ট ট্ৰেডিং ডিপুলৈ সৰবৰাহ কৰা হৈছিল কাঠখিনি । তদুপৰি, ট্ৰাকৰচালকে আৰক্ষীক যোগান ধৰা নথিৰ ভিতৰত আছে এখন জি এচ টি বিল, এখন ই ৱে বিল আৰু এখন নামচাই চংকু শ্ব’ মিলৰ ট্ৰেনজিৎ চালান (Illegal Timber Seized at Kaliabor) ।

তথ্য মতে, কাঠখিনিৰ মূল্য দেখুওৱা হৈছে ৮০ হাজাৰ ৬৬৬ টকা । জি এচ টিসহ মুঠ টকাৰ পৰিমাণ ১,২৯৫৫৭.৮৮ টকা । জানিব পৰা মতে, বিশ লক্ষাধিক মূল্যৰ কাঠখিনি ১,২৯,৫৫৭.৮৮ টকা মূল্যৰ নথি প্ৰস্তুত কৰি ট্ৰাকখনত সৰবৰাহ কৰা হৈছিল । নথিৰ হিচাপ মতে বাহনখনত থকা কাঠৰ পৰিমাণ ১৮.১৯৫ কিউবিক মিটাৰ (Kaliabor Police Station) ।

জনৈক সৰকাৰ উপাধিৰ এগৰাকী ব্যৱসায়ীৰ নাম সাঙোৰ খাইছে এই বৃহৎ চোৰাং কাঠ ছিণ্ডিকেট চক্ৰটোৰ সৈতে । লক্ষ্যনীয়ভাৱে, নিজকে গুৱাহাটীস্থিত বৈদ‍্যুতিন মাধ‍্যমৰ সাংবাদিক বুলি পৰিচয় দিয়া এজন লোকে কাঠ ভৰ্তি বাহনখন আৰক্ষী নিৱেশৰ পৰা মুকলি কৰিবলৈ কলিয়াবৰ আৰক্ষী থানা চৌহদত উপস্থিত হোৱাৰ কথাই ঘটনাটোক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে ।

আৰক্ষীয়ে আৱদ্ধ কৰা কাঠ ভৰ্তি বাহনখন স্থানীয় জখলাবন্ধা খণ্ড বন বিষয়াক চমজাই দিবলৈ বিভাগীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে স্থানীয় বন বিভাগে ৰহস্যজনক কাৰণত কাঠ ভৰ্তি বাহনখন নিজৰ জিন্মাত লোৱা নাই বুলি জানিবলৈ পৰা গৈছে ।

লগতে পঢ়ক : Cachar Police operation: কাছাৰ আৰক্ষীৰ অভিযানত চুৰি বাহনসহ আটক 3 টা গাড়ী চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.