ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ

author img

By

Published : Sep 4, 2021, 7:01 PM IST

7 বজাৰ দহটা শীৰ্ষ খবৰ
7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা শীৰ্ষ খবৰ

নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস

সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তথা ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ 2021-22 শৈক্ষিক বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস ৷ এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদে ৷

ৰাজ্য চৰকাৰৰ চাৰিমহীয়া কাৰ্যকালত স্বাস্থ্য খণ্ডত ১,৯৪১ টা পদত নিযুক্তি : কেশৱ মহন্ত

চিকিৎসা মহাবিদ্যালয়-দন্ত চিকিৎসা মহাবিদ্যালয়ত ৭০ গৰাকী টীচিং-ন'ন টীচিং ফেকাল্টীক নিযুক্তি পত্ৰ বিতৰণ স্বাস্থ্যমন্ত্ৰীৰ । স্বাস্থ্য খণ্ডত ৮,৮৫৫ পদত নিযুক্তিৰ বাবে ছেপ্তেম্বৰত প্ৰকাশ পাব বিজ্ঞাপন । চিকিৎসা সেৱাত নিয়োজিত হৈ থকাসকলক পচন্দৰ স্থানলৈ বদলি বিচাৰি স্বাস্থ্য বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফূৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান ।

নাৰীৰ দালালৰ পৰা দুগৰাকী কিশোৰী উদ্ধাৰ কৰিলে সাহসী মহিলা আৰক্ষী বিষয়াই

ৰাজ্যত সক্ৰিয় ৰূপত চলি আছে নাৰী সৰবৰাহকাৰী চক্ৰ(women trafficking racket )। চাকৰিৰ প্ৰলোভনেৰে বহিঃ ৰাজ্যত দুগৰাকী অসমীয়া কিশোৰীক বিক্ৰী কৰা যত্ন কৰি এই বাৰ ৰঙা ঘৰৰ আলহী হ’ল কুখ্যাৎ অপৰাধী মোজাম্মিল হক ওৰফে বসু ৷ কিশোৰী দুগৰাকীক উদ্ধাৰৰ এই অভিযানৰ নেতৃত্ব ল’লে এগৰাকী সাহসী মহিলা আৰক্ষী বিষয়াই ৷
উজনি অসমত কেনেকৈ বাঢ়িছে HIV আক্ৰান্তৰ সংখ্যা ?

উজনি অসমত ব্যাপকভাৱে বৃদ্ধি পাইছে HIV আক্ৰান্তৰ সংখ্যা ৷ জানো আহক ক’ত কেনেদৰে বিয়পিছে এই মাৰাত্মক ব্যাধি ৷

বিজেপিয়ে বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে ম্যাদ উকলা চয়াবিন

ম্যাদ উকলা খাদ্য সামগ্ৰী বিতৰণ কৰি বিপদত বিজেপি দল । বিজেপি দলৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া ধেমাজি জিলাত । মহকুমা প্ৰশাসনে জব্দ কৰে ম্যাদ উকলা চয়াবিনখিনি ।

ৰঙিয়াত সেনাবাহিনীৰ স্বৰ্ণিম বিজয় অগ্নিশিখাক উষ্ম আদৰণি

ৰঙিয়াত সেনাবাহিনীৰ স্বৰ্ণিম বিজয় অগ্নিশিখাক উষ্ম আদৰণি। 1971 চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই স্বৰ্ণিম বিজয় অগ্নিশিখা যাত্ৰা উলিওৱা হৈছে।

শ্যামা প্ৰসাদ মূখাৰ্জী ৰুৰবান মিছনৰ অধীনত 500 বিঘা ভূমিত নেমু খেতি

চন্দ্ৰপুৰ আৰু পানীখাইটি গাঁও পঞ্চায়ত এলেকাত প্ৰায় 500 বিঘা ভূমিত অচিৰেই আৰম্ভ কৰা হ'ব নেমুটেঙাৰ খেতি ৷ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰিলে এই কাৰ্যসূচী ৷

কাকীবাসীৰ আপোন মনমালা আৰু নাই...
কাকীৰ সকলোৰে আপোন মনমালা আৰু নাই । শোকস্তব্ধ কাকীবাসী ৰাইজ । বহুদিনৰ পৰা অসুস্থ হৈ থকা হাতীটোৰ মৃত্যুত শোকস্তব্ধ গাওঁবাসী ৷

কঠালগুৰিত বনাঞ্চলৰ এৰি জনাঞ্চলত বন্যহস্তীৰ উপদ্ৰব

ৰাজ্যত দিনক দিনে বৃদ্ধিপাবলৈ ধৰিছে বন্যহস্তীৰ উপদ্ৰব ৷ শুকুৰবাৰে নিশাৰ কঠালগুৰিৰ সমীপৱৰ্তী তথা বঢ়মপুৰ সমষ্টিৰ অৰ্ন্তগত লুংচুং চাহ বাগানৰ 12 নম্বৰ লাইনত এটা বন্যহস্তীয়ে প্ৰৱেশ কৰি বিস্তৰ ক্ষতি সাধন কৰে ৷

কাজিৰঙাত বান: উদ্ধাৰ হোৱা জীৱ-জন্তু সমূহৰ চিকিৎসা অব্যাহত

ভদীয়া বানৰ কৱলত পৰিছে ৰাজ্যৰ প্ৰায় 12 খনকৈ জিলাৰ শ শ গাঁও ৷ সমান্তৰালকৈ বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল ৷ বানৰ কৱলৰ পৰা উদ্ধাৰ হৈছে বহু জীৱ-জন্তু ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.