কাজিৰঙাত বান: উদ্ধাৰ হোৱা জীৱ-জন্তু সমূহৰ চিকিৎসা অব্যাহত

author img

By

Published : Sep 4, 2021, 4:19 PM IST

flood-in-kaziranga-treatment-of-rescued-animals-continues

ভদীয়া বানৰ কৱলত পৰিছে ৰাজ্যৰ প্ৰায় 12 খনকৈ জিলাৰ শ শ গাঁও ৷ সমান্তৰালকৈ বানৰ কৱলত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিস্তীৰ্ণ অঞ্চল ৷ বানৰ কৱলৰ পৰা উদ্ধাৰ হৈছে বহু জীৱ-জন্তু ৷

গোলাঘাট,4 আগষ্ট: প্ৰতিবছৰৰ দৰে এইবছৰো ভদীয়া বানৰ কৱলত পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ ফলত দিশহাৰা হৈ পৰিছে কাজিৰঙাৰ জীৱ-জন্তু ৷ বানে তচনচ কৰা ৰাষ্ট্ৰীয় উদ্যান খনলৈ ক্ৰমাত সুস্থিৰ অৱস্থা ঘূৰি আহিছে যদিও এতিয়াও পানীৰ মাজতে আছে উদ্যানখনৰ বহু কেইটা বন শিবিৰ ৷ বানৰ কৱলত দিশহাৰা হৈ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু সমূহে এতিয়াও ওখ ঠাইতে আশ্ৰয় লৈ থকা দেখা গৈছে ৷ লগতে বহু জীৱ জন্তু উদ্যানখনৰ দক্ষিণে থকা কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে ৷

উল্লেখনীয় যে, এইবাৰৰ বানৰ ফলতো বহু জীৱ জন্তুৰ মৃত্যু হৈছে যদিও আনবাৰৰ তুলনাত এইবাৰ মৃত্যুৰ সংখ্যা কম ৷ শেহতীয়াকৈ বানৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে এটি গঁড় পোৱালি ৷ উদ্ধাৰ হোৱা গঁড় পোৱালীটোৰ বয়স দহৰ পৰা পোন্ধৰ দিন বুলি চিকিৎসকে জানিবলৈ দিছে ৷ প্ৰলয়ংকাৰী বানত মাকৰ পৰা বিচ্ছিন্ন হৈ অহা গঁড় পোৱালিটো উদ্ধাৰ কৰে বন বিভাগৰ লোকে ৷ বৰ্তমান গঁড় পোৱালিটো পানবাৰীৰ বন্য প্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ৷

কাজিৰঙাত বানঃ উদ্ধাৰ হোৱা জীৱ-জন্তু সমূহৰ চিকিৎসা অব্যাহত

ইয়াৰ উপৰিও তিনিটাকৈ হৰিণো উদ্ধাৰ হৈছিল যদিও ইতিমধ্যে ইয়াৰে দুটাৰ মৃত্যু ঘটিছে ৷ আনহাতে চাৰিটামান হৰিণ মৃত অৱস্থাত এই কেন্দ্ৰটোলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হৈছিল বুলি জনাইছে চিকিৎসকে ৷

বৰ্তমান কেন্দ্ৰটোত থকা চিকিৎসক সকলে গঁড় পোৱালীটোৰ চিকিৎসা অব্যাহত ৰাখিছে যদিও গঁড় পোৱালিটো বিপদমুক্ত নহয় বুলি জানিব পৰা গৈছে ৷ বিগত বছৰত বানত যথেষ্ট গঁড় উদ্ধাৰ হৈছিল, যাৰ বাবে বহু হৃদবান লোকে পূৰ্বে উদ্ধাৰ হোৱা গঁড় পোৱালি কেইটাৰ খোৱা বোৱাৰ ক্ষেত্ৰত লেক্তজেন গাখীৰকে ধৰি বিভিন্ন ধৰণৰ খাদ্য যোগান ধৰা পৰিলক্ষিত হৈছিল ৷ কিন্তু এইবাৰ উদ্ধাৰ হোৱা এই গঁড় পোৱালিটোৰ দায়িত্ব বৰ্তমান সময়লৈকে কোনেও লোৱা দেখিবলৈ পোৱা নগ’ল ৷

তথাপি বর্তমানলৈকে পোৱালিটোৰ পৰিচালিকাৰ ক্ষেত্ৰত কোনো পুঁজিৰ অভাৱ হোৱা নাই বুলি জনাইছে পশু চিকিৎসক সকলে ৷

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.