ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস

author img

By

Published : Sep 4, 2021, 9:36 AM IST

national wildlife day

প্ৰকৃতিৰ দ্ৰুত পৰিৱৰ্তন ইয়াত বসবাস কৰা জীৱকুলৰ বাবে হৈ পৰিছে বিপদজনক ৷ বনাঞ্চল ধ্বংস, জলবায়ু পৰিৱৰ্তন আদিৰ দৰে বৰ্ধিত সমস্যাসমূহে বহু বন্যপ্ৰাণী প্ৰকৃতিৰ বুকুৰ পৰা ক্ৰমাৎ নিশ্চিহ্ন হ’বলৈ ধৰিছে ৷ সেয়েহে এই লুপ্ত হ’বলৈ ধৰা জীৱসমূহৰ সংৰক্ষণৰ নামত এটি বিশেষ দিন উদযাপনৰ উদ্দেশ্যে বিশ্বজুৰি 4 ছেপ্তেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয় ৷

নিউজ ডেস্ক, 4 ছেপ্তেম্বৰ : বনাঞ্চল ধ্বংস, খৰাং, বনজুই, জলবায়ু পৰিৱৰ্তন আদিৰ বিভিন্ন কাৰকে ক্ৰিয়া কৰাৰ ফলত ক্ৰমাৎ পৃথিৱীৰ বুকুৰ পৰা বহু প্ৰাণী ক্ৰমাৎ লুপ্ত হ’বলৈ ধৰিছে ৷ এয়া এক নিৰ্মম সত্য ৷ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য, সংস্থাসমূহে বন্যপ্ৰাণীসমূহক সংৰক্ষণ কৰিবলৈ পাৰ্যমানে প্ৰয়াস কৰি আহিছে ৷

national wildlife day
কৃষ্ণসাৰ (সৌজন্য Google)

অকল সংস্থাসমূহে নহয় এয়া চৰকাৰ, ব্যৱসায় তথা সাধাৰণ ৰাইজৰো দায়িত্ব ৷ সেয়েহে বৰ্তমান সময়ত এয়া যথেষ্ট প্ৰয়োজনীয় যে এটি বিশেষ দিন আমি এই বন্যপ্ৰাণীসমূহৰ নামত উদযাপন কৰো ৷

পৰিৱেশবাদ তেতিয়ালৈকে বিশ্ববাসীৰ আগত পৰিচিত হোৱা নাছিল যেতিয়ালৈকে মাৰ্কিন ৰাষ্ট্ৰপতি ইউলিচেছ এছ গ্ৰাণ্টে 1872 চনত আমেৰৰিকাত য়েল’ষ্টোন (Yellowstone) প্ৰতিষ্ঠা কৰা নাছিল ৷ য়েল’ষ্টোন কেৱল আমেৰিকাৰেই প্ৰথম ৰাষ্ট্ৰীয় উদ্যান নাছিল, ই আছিল সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান ৷

national wildlife day
ঢেকিয়াপতীয়া বাঘ (সৌজন্য Google)

পৰিৱেশবাদৰ অগ্ৰগতি হয়, ৰাষ্ট্ৰপতি থিঅ'ডৰ ৰুজভেল্টৰ পৰিৱেশ-পৰোপকাৰী কাৰ্যৰ জৰিয়তে ১৯৭৩ চনৰ ডিচেম্বৰত যেতিয়া ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনৰ দ্বাৰা ‘বিপদাপন্ন প্ৰজাতি আইন’ আইনত স্বাক্ষৰিত হয় ।

অৱশ্যে ২০০৬ চনলৈকে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস এটা চৰকাৰী বন্ধৰ দিন হৈ পৰিছিল । ৰাষ্ট্ৰীয় বন্যপ্ৰাণী দিৱস অফিচিয়েল ৱেবচাইট অনুসৰি এই দিনটো ছুটী হিচাপে ঘোষণা কৰে কোলেন পেইগে ৷ পেইগে জনপ্ৰিয় বন্যপ্ৰাণী সংৰক্ষক ষ্টিভ ইৰৱিন ওৰফে ‘ Crocodile Hunter ৰ নামত ৷

national wildlife day
শগুণ (সৌজন্য Google)

এজন পশু আচৰণবিদ আৰু জনাজাত সমাজসেৱক, পেইগে সমগ্ৰ বিশ্বতে বিপদাপন্ন জন্তুৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছিল । পেইগে বিশেষকৈ শিশুসকলৰ মাজত বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিবলৈ আগ্ৰহী আছিল ৷ কাৰণ তেওঁ শিশুসকলক মানৱতাৰ ভৱিষ্যতৰ তত্বাৱধায়ক আৰু সংৰক্ষণবিদ হিচাপে দেখিছিল ।

লগতে পঢ়ক : লক্ ডাউনত উশাহ লৈছে প্ৰকৃতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.