ETV Bharat / state

নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস

author img

By

Published : Sep 4, 2021, 5:38 PM IST

reduction-in-courses-in-each-subject-of-class-ix-and-x-to-40-percent
নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস

সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত থকা ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তথা ছাত্ৰী সকলৰ সুবিধা হোৱাকৈ 2021-22 শৈক্ষিক বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস ৷ এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদে ৷

গুৱাহাটী,4 ছেপ্তেম্বৰ: ক'ভিড পৰিস্থিতিত বিদ্যালয়সমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ 2021-22 শৈক্ষিক বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰম 40 শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) য়ে ৷ ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এক জাননীযোগে এই ঘোষণা কৰিছে ৷ ক'ভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ এপ্ৰিলৰ তৃতীয় সপ্তাহৰপৰা বন্ধ ৰখা হৈছে শিক্ষানুষ্ঠানসমূহ ৷

ইয়াৰ পাছতে বিদ্যালয়সমূহক অনলাইন ক্লাছৰ জৰিয়তে পাঠদান চলাই থাকিবলৈ নিৰ্দেশ দিয়া হয় যদিও বিভিন্ন কাৰণত বহু ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা গ্ৰহণ কৰিব পৰা নাছিল ৷ যাৰ পৰিপেক্ষিতত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ সুবিধা হোৱাকৈ 2019-20 শৈক্ষিক বৰ্ষৰ তুলনাত 2021-22 শৈক্ষিক বৰ্ষত প্ৰতিটো বিষয়ৰ পাঠ্যক্ৰমে প্ৰায় 40 শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবাই ৷ সংশোধিত কোৰ্চ পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয় পৰিদৰ্শকসকললৈ পি ডি এফত যোগান ধৰা হ'ব ৷

এই সংশোধিত পাঠ্যক্ৰম বিদ্যালয়ৰ মুৰব্বী, শিক্ষক আৰু নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰচলন কৰা হ'ব ৷ সংশোধিত পাঠ্যক্ৰম ছেবাৰ ৱেবছাইট www.sebaonline.org তো উপলব্ধি হ'ব ৷

লগতে পঢ়কঃ পোন্ধৰ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.