ETV Bharat / state

Fake gold seized in Nagaon : নগাঁৱত নকল সোণ ব্যৱসায়ী চক্ৰ উৎখাত

author img

By

Published : Jun 19, 2022, 9:28 PM IST

Fake gold seized in Nagaon
নগাঁৱত নকল সোণ ব্যৱসায়ী চক্ৰ উৎখাত

নগাঁৱত আৰক্ষীৰ জালত তিনি নকল সোণ ব্যৱসায়ী (Fake gold traders arrested in Nagaon)৷ আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত জব্দ সোণৰ বিস্কুট আৰু সোণৰ নাও । ধৃত ব্যৱসায়ীকেইটাক জেৰা নগাঁও আৰক্ষীৰ ।

নগাঁও, ১৯ জুন : নগাঁৱত এইবাৰ খোপনি পুতিছে বহিঃৰাজ্যৰ নকল সোণৰ ব্যৱসায়ী চক্ৰই (Fake gold racket in Nagaon)। নগাঁৱৰ একাংশ অসাধু লোকক লগত লৈ বহিঃৰাজ্যৰ নকল সোণ ব্যৱসায়ী চক্ৰই নগাঁৱত চলাইছে নকল সোণৰ ব্যৱসায় । শেহতীয়াকৈ নগাঁৱৰ বজাৰ দখল কৰিবলৈ যেন তৎপৰ হৈ পৰিছে নকল সোণ ব্যৱসায়ী চক্ৰটো । কিন্তু এই উদ্দেশ্যক বিফল কৰিবলৈ নগাঁৱৰ কাতিমাৰীস্থিত চিআৰপিএফ ৩৪ নং বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ জোৱান আৰু নগাঁও আৰক্ষী সষ্টম হৈ পৰিছে ।

শেহতীয়াকৈ নগাঁও আৰক্ষীৰ নগৰ শাখাৰ আৰক্ষী আৰু চিআৰপিএফৰ ৩৪ নং বেটেলিয়নে লাভ কৰা তথ্যৰ ভিত্তিত যৌথভাৱে নকল সোণৰ ব্যৱসায়ীৰ বিৰুদ্ধে এক অভিযান চলায় (Raid against fake gold traders in Nagaon)। দেওবাৰে দুপৰীয়া চলা অভিযানত দলটোৱে বহিঃৰাজ্যৰ নকল সোণ ব্যৱসায়ী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় । কাতিমাৰী অঞ্চলৰ পৰা অভিযানকাৰী দলটোৱে নকল সোণৰ বিস্কুট, সোণৰ নাও জব্দ কৰিবলৈ সক্ষম হয় ।

নগাঁৱত নকল সোণ ব্যৱসায়ী চক্ৰ উৎখাত

বজাৰত বিক্ৰী কৰাৰ প্ৰস্তুতি চলোৱাৰ সময়তেই আৰক্ষী আৰু চিআৰপিএফৰ অভিযানত জব্দ হয় এই বৃহৎ পৰিমাণৰ নকল সোণখিনি । লগতে অভিযানকাৰী দলটোৱে নকল সোণৰ ব্যৱসায়ৰ সৈতে জড়িত তিনিজনকৈ ব্যৱসায়ীকো আটক কৰিবলৈ সক্ষম হয় (Three arrested with fake gold in Nagaon)। কেৰালাৰ পৰা আহি নগাঁৱত বাহৰ পাতি নকল সোণৰ ব্যৱসায় চলোৱা জিদিন বৰ্গীছক আটক কৰাৰ উপৰিও বৰ্গীছক সহযোগ কৰা কাতিমাৰীৰ তাইজুল ইছলাম আৰু শ্বহিদুল ইছলামকো আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ।

ধৃত তিনি নকল সোণ ব্যৱসায়ীৰ সৈতে জড়িত আন লোকৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । ইফালে ধৃত তিনিওজনক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক :হেৰ'ইনসহ নগাঁও আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.