ETV Bharat / state

নগাঁৱত বিজেপি কৰ্মীৰ চাফাই অভিযান

author img

By

Published : Jul 19, 2021, 10:46 AM IST

Swachha  Bharat Abhiyan at Nagaon
নগাঁৱত বিজেপি কৰ্মীৰ চাফাই অভিযান

পৰিস্কাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যেৰে স্বচ্ছ ভাৰত অভিযানৰ অংশৰূপে চাফাই অভিযানত নামিল বিজেপিৰ কৰ্মকৰ্তা । দেওবাৰে নগাঁৱৰ পানীগাঁৱত বিজেপি কৰ্মীয়ে চাফাই অভিযান চলায় । অঞ্চলটোত পথৰ দুয়োকাষে থকা হাবি-জংঘল কাটি চাফ-চিকুণ কৰে ।

চামগুৰি, ১৯ জুলাই: এক পৰিস্কাৰ পৰিৱেশত থকাতো আমাৰ বাবে কিমান প্ৰয়োজন সেয়া চাগে সকলোৱে জানে । বৰ্তমান এই ক্ষেত্ৰত চৰকাৰ তথা বিভিন্ন স্বেচ্ছাসেৱী সংস্থাই সজাগতা অভিযানো চলাই থকা পৰিলক্ষিত হয় । শেহতীয়াকৈ নগাঁও চহৰখনত এক সুন্দৰ, সুস্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা হাতত লৈছে বিজেপিৰ কৰ্মীসকলেও । দেওবাৰে নগাঁৱৰ পানীগাঁৱৰ ১৮ নং মহলাত বিজেপি কৰ্মীয়ে চাফাই অভিযান চলায় ।

স্বচ্ছ ভাৰত অভিযানৰ (Swatch Bharat Abhiyan) অংশ ৰূপে চাফাই অভিযান চলায় কৰ্মীসকলে । দলটোৱে বিগত কেইবা সপ্তাহ ধৰি এই অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে । অনাগত দিনত সমগ্ৰ নগাঁও চহৰখনতে এনেদৰে চাফাই অভিযান চলাই নিব বুলি জানিব দিছে বিজেপি কৰ্মীসকলে । দেওবাৰে পানীগাঁৱৰ ১৮ নং মহলাত বিজেপি কৰ্মীসকলে অঞ্চলটোত পথৰ দুয়োকাষে থকা হাবি-জংঘল কাটি চাফ-চিকুণ কৰে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনৰ ২ অক্টোবৰত গান্ধী জয়ন্তীৰ দিনা সকলোকে দ্ৰুতগতিত সৰ্বজনীন অনাময় ব্যৱস্থাৰ আওতালৈ অনাৰ লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ আৱশ্যকতা আৰু দেশখনক চাফ-চিকুণ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি মানুহক সচেতন কৰি তোলাৰ পোষকতা কৰিছিল । এই উদ্দেশ্যেৰেই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰা হয় ।

স্বচ্ছ ভাৰত অভিযান আগৰ নিৰ্মল ভাৰত অভিযানৰেই অন্য এক ৰূপ । ২০১৯ চনৰ ভিতৰত এখন স্বচ্ছ ভাৰত গঢ়ি তোলাকে এই অভিযানৰ উদ্দেশ্য হিচাপে লোৱা হৈছিল । তাৰ পাছতে দেশৰ ভিন্ন প্ৰান্তত স্বচ্ছ ভাৰত অভিযান আৰম্ভ হয় । সকলো শ্ৰেণীৰ লোকেই এই স্বচ্ছতা অভিযানত অংশ লোৱা দেখা গৈছে ।

বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া তথা মন্ত্ৰী-বিধায়কেও ৰাইজক সজাগ কৰাৰ বাবে এনে ধৰণৰ অভিযানত অংশ লয় । সেনা, চি আৰ পি এফেও সময়ে সময়ে স্বচ্ছ ভাৰত অভিযানৰ অংশ ৰূপে দেশৰ ভিন্ন স্থানত সজাগতামূলকভাৱে চাফাই অভিযান চলোৱা পৰলক্ষিত হয় ।


লগতে পঢ়ক:ধুবুৰীত কোভিডত স্বামীহাৰা মহিলাৰ মাজত চেক বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.