ETV Bharat / state

আমগুৰিত বৃহৎ পৰিমাণৰ চুলাই জব্দ

author img

By

Published : Jul 18, 2021, 3:37 PM IST

আমগুৰিত বৃহৎ পৰিমাণৰ চুলাই জব্দ
আমগুৰিত বৃহৎ পৰিমাণৰ চুলাই জব্দ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই নিচামুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs), সুৰা (Liquor) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ যাৰ বাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ কবলত পৰিছে ড্ৰাগছ-সুৰা আদি নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Smuggler) ৷

আমগুৰি, ১৮ জুলাই : শিৱসাগৰ জিলাৰ আবকাৰী বিভাগে (Excise Department) গৌৰীসাগৰ আৰক্ষী (Gaurisagar Police)ৰ সহযোগত দেওবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হয় ৷ আবকাৰী বিভাগে খনামুখ অঞ্চলৰ টিপমীয়া গাঁও, ডুপদৰীয়া আদি বিভিন্ন অঞ্চলত চলাই এই অভিযান ৷ অভিযানৰ সময়ত দলটোৱে প্ৰায় ২৫০০ লিটাৰ চুলাই মদৰ পাছ নষ্ট কৰাৰ লগতে কেইবাটাও ভাটী উচ্ছেদ কৰে ৷

আবকাৰী বিভাগে (Excise Department) আৰু গৌৰিসাগৰ আৰক্ষী (Gaurisagar Police) য়ে বহু পৰিমাণৰ সুৰা ব্যৱসায়ত ব্যবহৃত সা-সামগ্ৰী জব্দ কৰে ৷ অভিযানকাৰী দলটোৱে বৃহত্তৰ খনামুখ অঞ্চলটোৰ প্ৰায় 5 টা পৰিয়ালৰ ঘৰত চলাই এই অভিযান ৷ অৱশ্যে অভিযানৰ সময়ত এজনো লোকক আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ৷

আৰক্ষী অহাৰ সম্ভেদ লাভ কৰাৰ পাছতে পলায়ন কৰে লোককেইজন ৷ আবকাৰী বিভাগে পৰৱৰ্তী সময়তো এনে অভিযান চলাই যোৱাৰ কথা ব্যক্ত কৰে ৷ দলটোৱে এই ক্ষেত্ৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

আমগুৰিত বৃহৎ পৰিমাণৰ চুলাই জব্দ
আমগুৰিত বৃহৎ পৰিমাণৰ চুলাই জব্দ

আৰক্ষীয়ে স্থানীয় বাসিন্দা লেখক গগৈ, বীৰেন গগৈ, পবিন গগৈ, কণ গগৈ আদিৰ ঘৰত চলোৱা অভিযানত বহুকেইটা ড্ৰামত লুকুৱাই ৰখা হাজাৰ হাজাৰ লিটাৰ চুলাই উদ্ধাৰ কৰে । উল্লেখ্য যে, চুলাই ব্যৱসায়ীয়ে অস্বাস্থ্যকৰভাৱে বাঁহনিৰ তলত, কলগছৰ তলত সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি খেলি প্ৰস্তুত কৰি আহিছে বৰবিহ সদৃশ চুলাই । শেহতীয়াকৈ চুলাই ঘাটিৰপৰা মাৰাত্মক কৰ’ণা ভাইৰাছৰ অধিক সংক্ৰমণ হোৱা বুলি প্ৰতিবেদন পোৱাৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমগুৰিৰ আবকাৰী বিভাগৰ লগতে প্ৰশাসনে । এই অভিযানৰ সময়ত এটাও চুলাই ব্যৱসায়ীক আটক কৰিব নোৱৰাটো তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : হোজাইত মুখ্যমন্ত্ৰীয়ে দাহ কৰিব বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.